অসম

assam

By

Published : May 12, 2019, 2:45 PM IST

ETV Bharat / state

দৰঙত সমিতিৰ বিৰুদ্ধে বিহু দলক অপদস্থ কৰাৰ অভিযোগ

বিহু অনুষ্ঠানলৈ যোৱা পথত দলটোৰ গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে চুক্তি অনুসৰি 30 মিনিট পলমকৈ বিহু বাকৰিত উপস্থিত হৈছিল ৷ ইয়াতে খৰ্গহস্ত হৈ বিহু সমিতিৰ একাংশ বিষয়ববীয়াই বিহু দলটোক বিভিন্ন ধৰণ কটাক্ষ কৰাৰ লগতে প্ৰযোজকগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

গোৰেশ্বৰৰ বৰদৈচিলা বিহু দল

তামুলপুৰ , 12 মে': দৰঙৰ ৰাজঘাটত বিহু সমিতিৰ একাংশ বিষয়ববীয়াই সময়মতে উপস্থিত হ'ব নোৱৰাৰ বাবে গোৰেশ্বৰৰ বৰদৈচিলা বিহু দলক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ যান্ত্ৰিক বিজুতিৰ বাবে প্ৰায় 30 মিনিট পলমকৈ বিহু অনুষ্ঠানত উপস্থিত হৈছিল বিহুদলটো ৷

গোৰেশ্বৰৰ ৰংমহল বৰদৈচিলা বিহু দলটোয়ে আমন্ত্ৰণ মৰ্মে 10 মে'ৰ নিশা দৰং জিলাৰ ৰাজঘাটত বিহু পৰিবেশন কৰিবলৈ উপস্থিত হৈছিল ৷ বিহু অনুষ্ঠানলৈ যোৱা পথত দলটোৰ গাড়ীখনৰ যান্ত্ৰিক বিজুতি ঘটাৰ বাবে চুক্তি অনুসৰি 30 মিনিট পলমকৈ বিহু বাকৰিত উপস্থিত হৈছিল ৷ ইয়াতে খৰ্গহস্ত হৈ বিহু সমিতিৰ একাংশ বিষয়ববীয়াই বিহু দলটোক বিভিন্ন ধৰণ কটাক্ষ কৰাৰ লগতে প্ৰযোজকগৰাকীক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰো অভিযোগ উত্থাপন হৈছে ৷

লগতে দলটোক মঞ্চত বিহু পৰিবেশন কৰিবলৈ দি দলটোৰ প্ৰাপ্য মাননি নিদিয়াকৈ তাৰ পৰা খেদি পঠিয়াই দিয়া বুলিও দলটোৱে জানিবলৈ দিয়ে ৷ অৱশেষত উপায়ন্তৰ হৈ বিহু দলটোৱে সেই স্থান ত্যাগ কৰি দৰং জিলাৰ বুঢ়া আৰক্ষী চকীত এই সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷

ABOUT THE AUTHOR

...view details