কলিয়াবৰ, 20 জুনঃ 1969 চনৰ 20 জুনত পৰলোকপ্ৰাপ্তি ঘটিছিল অসমৰ এগৰাকী অন্যতম পুৰোধা ব্যক্তি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৷ তেওঁ আছিল একাধাৰে কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ. চিত্ৰকৰ, অভিনেতাৰ লগতে এগৰাকী মুক্তি যুঁজাৰু ৷ সেই মহান মনিষী গৰাকীক সোৱৰণত শনিবাৰৰ দিনটোত ৰাজ্যৰ ভিন্ন ঠাইত পালন কৰা হ'ল ৰাভা দিৱস হিচাপে ৷ ৰাভা দিৱসৰ লগত সংগতি ৰাখি শনিবাৰে কলিয়াবৰৰ এটা সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান প্ৰজন্ম দ্য জেনেৰেশ্যনে ব্যতিক্ৰমী ধৰণেৰে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷
ভিন্ন দেশী-বিদেশী দুষ্প্ৰাপ্য চৰাইৰ বিচৰণস্থলী আৰু থলুৱা মাছৰ আশ্ৰয়স্থল হিচাপে পৰিগণিত হৈ অহা জয়সাগৰ দলনি সুৰক্ষাৰ বাবে অনুষ্ঠানটোৱে লৈছে কিছু গঠনমূলক পদক্ষেপ ৷ জয়সাগৰ দলনি পাৰত গছপুলি ৰোপন কৰি সকলোৰে সহযোগত, জয়সাগৰ দলনিৰ পশু-পক্ষী নিধন বন্ধ কৰা, জয়সাগৰৰ লগতে কাষৰীয়া স্থানত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰা আদিকে ধৰি কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিবলৈ প্ৰজন্মৰ সদস্য সকলে সকলোকে আহ্বান জনায় ৷ ৰাভা দিৱস উপলক্ষে গছপুলি ৰোপনেৰে এই অনুষ্ঠানৰ কাৰ্যসূচী শুভাৰম্ভণি কৰে, কলিয়াবৰ জিলা নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃন্ময় দাসে ৷