অসম

assam

By

Published : Nov 1, 2020, 10:10 PM IST

ETV Bharat / state

বাক্সাত ইউপিপিএলৰ চাইকেল ৰেলীৰ আয়োজন

বাক্সাত ইউপিপিএলৰ চাইকেল ৰেলী ৷ ৰেলীত অংশগ্ৰহণ শতাধিক লোকৰ ৷ উপস্থিত ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ৷

Bicycle rally In Baksa
বাক্সাত ইউপিপিএলৰ চাইকেল ৰেলী আয়োজন

বৰমা, 1 নৱেম্বৰ : বাক্সা জিলাৰ 22 নং কোকলাবাৰী পৰিষদীয় সমষ্টিত ইউ পিপি এল দলৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে এক চাইকেল ৰেলী উলিওৱা হয় । সমগ্ৰ বিটিচিৰ 40 টা পৰিষদীয় সমষ্টিত ইউ পি পি এল দলে বিভিন্ন পৰিষদীয় সমষ্টিৰ গাঁৱে-গাঁৱে আৰম্ভ কৰিছে পদ যাত্ৰা আৰু চাইকেল ৰেলী ।

আগন্তুক বিধানসভা নিৰ্বাচন তথা বিটিচিত চলি থকা দুৰ্নীতিৰ বিৰোধিতা কৰি পৰিৱৰ্তনৰ স্বাৰ্থত এই চাইকেল ৰেলী আৰম্ভ কৰে বুলি জানিব দিয়ে ইউপিপিএল দলৰ সভাপতি তথা কোকলাবাৰী সমষ্টিৰ ইউপিপিএল দলৰ প্ৰাৰ্থী প্ৰমোদ বড়োৱে ৷ তেওঁ লগতে কয় যে, 17 বছৰে বিপিএফ দলে কাউঞ্চিল গঠন কৰিও ৰাইজৰ কোনো উন্নয়নমূলক কাম নকৰিলে কেৱল ৰাজনৈতিক মুনাফা লৈয়ে ব্যস্ত থাকিল যাৰবাবে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ দ্বাৰা শাসন চলোৱা বুলি উল্লেখ কৰিলে নেতা গৰাকীয়ে ৷

লগতে পঢ়ক :প্ৰতিবাদৰ মাজতে গিলগিত-বাল্টিস্তানক অস্থায়ী প্ৰাদেশিক মৰ্যদা প্ৰদান

ইফালে, ৰাইজৰ উন্নয়নৰ স্বাৰ্থত, নিৰাপত্তাৰ স্বাৰ্থত, শিক্ষাৰ সমস্যা, নিবনুৱা সমস্যা সমাধানৰ লগতে বিটিএডিৰ সমগ্ৰ অঞ্চল উন্নয়নৰ কাৰণে পৰিৱৰ্তন বিচাৰি ৰাইজে ইউপিপিএল দলক চৰকাৰ গঠনৰ সুবিধা দিব বুলি মন্তব্য কৰে নেতা গৰাকীয়ে ৷ পৰিৱৰ্তনৰ নামত একো নকৰা বিপিএফ দলে ৰাস্তা-ঘাট বনাইছে যদিও এবছৰতে জহি খহি যোৱা বুলি মন্তব্য প্ৰদান কৰে নেতা গৰাকীয়ে ৷

উল্লেখ্য যে, চাইকেল ৰেলী আৰু পদযাত্ৰাৰ দ্বাৰা শান্তি সম্প্ৰীতি, জাতি-ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজক একগোট হোৱাৰ সংকল্প ল’বলৈ আহ্বান জনায় প্ৰমোদ বড়োৱে ৷

লগতে পঢ়ক :ভাৰতত হ্ৰাস পাইছে সক্ৰিয় কৰ'ণা ৰোগীৰ সংখ্যা

ABOUT THE AUTHOR

...view details