বাক্সা,25 এপ্ৰিল :সমগ্ৰ দেশৰ লগতে অসমো এতিয়া কৰ’ণাৰ কাল গ্ৰাসত ৷ মহামাৰী কৰ'ণাৰ ভয়াৱহ সংক্ৰমণৰ সময়ত দেশজুৰি অক্সিজেনৰ নাটনিৰ খবৰে জনসাধাৰণক উদ্বিগ্ন কৰি তুলিছে ৷ ইয়াৰ মাজতে সুখবৰ কঢ়িয়াই আনিছে ভূটানৰ এটা অক্সিজেন প্লান্টে ।
ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ মৰ্মে দেওবাৰে ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকা আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰীয়ে ভাৰত-ভূটান সীমান্তৰ চানদ্ৰুপ জংখাৰত যোৱা বছৰ ক'ভিডৰ সময়ত আৰম্ভ কৰা অক্সিজেন প্লান্টাটো পৰিদৰ্শন কৰাৰ লগতে সমগ্ৰ বিষয়টো বুজ লয় পীযুষ হাজৰিকা আৰু বিশ্বজিৎ দৈমাৰীয়ে ।
ভূটানৰ এটা অক্সিজেন প্লাণ্টে কঢ়িয়াইছে আশাৰ বতৰা উল্লেখযোগ্য যে, যোৱা বছৰ লকডাউনৰ বাবে এই অক্সিজেন প্লান্টটোৰ কাম বন্ধ হৈ আছিল । পীযুষ হাজৰিকা আৰু সাংসদ বিশ্বজিৎ দৈমাৰীয়ে জানিবলৈ দিয়া মতে এই অক্সিজেন প্লান্টটো সম্পূৰ্ণ হৈ উঠিবলৈ প্ৰায় ৪০ দিন সময় লাগিব । অক্সিজেন প্লান্টাটো সম্পূৰ্ণ হৈ উঠিলে প্ৰতিদিনে ৫০ মেট্ৰিক টন অক্সিজেন উৎপন্ন হ'ব ৷ এই অক্সিজেন প্লান্টটোত অক্সিজেন উৎপন্ন কৰিলে দেশত অক্সিজেনৰ অভাৱ বহুলাংশে লাঘব হ'ব বুলিও মন্তব্য কৰে সাংসদ বিশ্বজিৎ দৈমাৰীয়ে।
লগতে পঢ়ক-ৰিতুল শইকীয়াৰ সন্ধান এতিয়াও পোৱা নাই