বাক্সা, 5 ফেব্ৰুৱাৰীঃঅহা জুলাই মাহৰ পৰা অসমৰ চুবুৰীয়া দেশ ভূটানত প্ৰৱেশ বিনামূলীয়া নহ'ব । দেশখনত এদিন থাকিবলৈ হলে ১২০০ টকা অতিৰিক্ত ব্যয় কৰিব লাগিব । এই মাচুল অকল ভাৰতীয় সকলৰ উপৰিও বাংলাদেশ আৰু মালদ্বীপৰ পৰ্যটক সকলেও ভৰিব । দেশখনে ভূটান ৰাষ্ট্ৰীয় সংসদত গৃহীত কৰা Tourism Levy and Exemption Bill of Bhutan, 2020 বৰ্ষৰ জুলাই মাহৰ পৰা প্ৰযোজ্য হ'ব । ইতিমধ্যে তিনিখন দেশৰ পৰ্যটকসকলে বহন কৰিবলগীয়াএই মাচুলৰ নাম দিয়া হৈছে বহনক্ষম উন্নয়ন মাচুল । অৱশ্যে এই ১২০০ টকা মাচুলৰে দেশখনত থকা ১১ খন জিলা ভ্ৰমণৰ সুবিধা লাভ কৰিব পৰ্যটকসকলে ।
ভাৰতীয়সকলৰ বাবে ভূটানৰ নতুন পৰ্যটন নীতি - ভূটানৰ এখন প্ৰৱেশদ্বাৰ
শেহতীয়াকৈ ভূটানে গ্ৰহণ কৰিছে নতুন পৰ্যটন নীতি ৷ সেই অনুসৰি, এতিয়াৰে পৰা যিকোনো ভাৰতীয়ই চুবুৰীয়া দেশখন ভ্ৰমণ কৰিলে ভৰিব লাগিব অতিৰিক্ত মূল্য ৷ অহা জুলাই মাহৰ পৰা প্ৰযোজ্য এই নতুন নিৰিখ ৷
জানিব পৰা মতে, উক্ত তিনিখন দেশৰ নাগৰিকৰ ৫ বছৰতকৈ কম বয়সৰ শিশুসকলে দিব নালাগে এই মাচুল । ৬ বছৰৰ পৰা ১২বছৰৰ শিশুৱে দিব লাগিব ৬০০টকা । ইয়াৰ উপৰিও ভাৰত, বাংলাদেশ আৰু মালদ্বীপৰ এই তিনিখন দেশৰ বাদে অন্য দেশৰ পৰ্যটকসকলৰ ক্ষেত্ৰত বহনক্ষম উন্নয়ন মাচুলৰ পৰিমাণ কেইবাগুণো বেছি বুলি জানিব পৰা গৈছে।
ভূটানৰ এনেধৰণৰ পৰ্যটন নীতিৰ ফলত দেশখনৰ সীমান্তত বসবাস কৰা ব্যৱসায়ীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । স্থানীয় লোকসকলৰ ভাষ্য অনুসৰি, দেশখনৰ ১২০০ টকীয়া পৰ্যটন নীতিয়ে ভাৰত সৈতে পুৰণি বন্ধুত্ব আৰু ব্যৱসায়, বাণিজ্যত যথেষ্ট প্ৰভাৱ পেলাব ।