বৰমা,5 নৱেম্বৰঃবিশ্ববৰন্য গণশিল্পী, ভাৰতৰত্ন, সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ আজি নৱম মৃত্যু বাৰ্ষিকী। সেই উপলক্ষে বিশ্ববৰন্য শিল্পী গৰাকীক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে বাক্সা জিলা সাহিত্য সভা তথা ৰাজনৈতিক দল সমূহে। বৃহস্পতিবাৰে বাক্সা জিলা সাহিত্য সভাৰ উদ্যোগত আৰু নিকাছি শাখা সাহিত্য সভাৰ সৌজন্যত নিকাছিত গণশিল্পী ড° ভূপেন হাজৰিকাক শ্ৰদ্ধাৰে সোঁৱৰে। দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত মুকলি সভাত বিভিন্ন জনে গণশিল্পী ড° ভূপেন হাজৰিকাৰ জীৱন সম্বলিত বিস্তৃত ভাষণ ৰাখে।
বাক্সা জিলা সাহিত্য সভাৰ সভাপতি মাধৱ চন্দ্ৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত এই মুকলি সভাখন উদ্বোধন কৰে সংগীত শিল্পী জিতেন শৰ্মাই ৷ ইয়াৰ পিচতে আদৰণী সমিতিৰ দ্বাৰা প্ৰকাশিত স্মৃতিগ্ৰন্থ "সুধাকণ্ঠ", অনিল চন্দ্ৰ কাকতিৰ "প্ৰবন্ধ ৰেঙনি" আৰু কৈল্যাশ চন্দ্ৰ দাসৰ "অস্তগামী সুৰুযৰ ৰেঙনি" নামৰ গ্ৰন্থ তিনিখন উন্মোচন কৰে ক্ৰমে দেবেন চন্দ্ৰ ডেকা, বদ্ৰী গুড়াগাঞী আৰু হলধৰ কুমাৰে ।