অসম

assam

By

Published : Jan 20, 2020, 3:44 PM IST

ETV Bharat / state

উৰুকাৰ পাঁচ দিন পিচত ভোগালী উৎসৱ পালন কৰা এখন বিশেষ গাঁও...

বাক্সাৰ মুছলপুৰত সমুহীয়া প্ৰীতি ভোজনেৰে ভোগালীৰ আনন্দ উপভোগ ৷ পুখুৰীত সমূহীয়া মৎস্য চিকাৰেৰে আনন্দ ল’লে ৰাইজে ৷

ভোগালী উৎসৱ পালন কৰা এখন বিশেষ গাঁও
ভোগালী উৎসৱ পালন কৰা এখন বিশেষ গাঁও

বাক্সা, 20 জানুৱাৰীঃবাক্সাত অন্ত পৰা নাই ভোগালীৰ আনন্দ ৷ বিগত 50 বছৰে বাক্সাৰ এখন গাঁৱৰ গঞাই মাঘ বিহুৰ উৰুকাৰ পাঁচ দিন পাচত অনুষ্ঠিত কৰি আহিছে এক সমূহীয়া প্ৰীতি ভোজ ৷ মুছলপুৰৰ চিৰিচবাৰী গাঁৱখনৰ পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধা, যুৱক-যুৱতী সকলোৱে এই বিশেষ দিনটোত আয়োজন কৰে প্ৰীতি ভোজৰ ৷

গাঁৱখনৰ ৰাজহুৱা নামঘৰৰ চোতালত সকলোৱে মিলি নাচি বাগি আনন্দ-উল্লাহৰ মাজতে মাছে-মঙহে আয়োজন কৰে এই প্ৰীতি ভোজ ৷ বিভিন্ন সম্প্ৰদায়ৰ লোকৰ মাজত ভেদাভেদ পৰিহাৰ কৰি মুকলিকৈ নামঘৰৰ চোতালত একেলগে বহি এসাঁজ খাবলৈ উপস্থিত হয় দূৰ-দূৰণিত কৰ্মসূত্ৰে থকা সকলো লোক ৷

বাক্সাৰ মুছলপুৰত সমুহীয়া প্ৰীতি ভোজ

গাঁৱখনত যাতে সকলোৰে মাজত একতাৰ এনাজৰী সুদৃঢ় হৈ থাকে তাৰ উদ্দেশ্যে এই প্ৰীতি ভোজনৰ আয়োজন কৰি অহাৰ কথা উল্লেখ কৰে এজন নব্বৈ উৰ্ধৰ বৃদ্ধাই ৷ মুঠৰ ওপৰত প্ৰীতি ভোজক লৈ দেওবাৰৰ দিনটোত পুৱাৰে পৰা সন্ধিয়ালৈ সকলোৰে মাজত দেখা পোৱা যায় উৎসৱ মুখৰ পৰিবেশ ৷

লগতে পঢ়কঃ শদিয়াত প্ৰীতিভোজ খাবলৈ যোৱা তিনি বিজেপি নেতাক ক'লা পতাকা প্ৰদৰ্শন

ABOUT THE AUTHOR

...view details