বৰমা, ২৪ ছেপ্তেম্বৰঃ বিটিচি চুক্তিৰ পিছত এইবাৰ ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখে বিটিআৰ চুক্তি (কেন্দ্ৰীয়, ৰাজ্য চৰকাৰ আৰু এনডিএফবিৰ লগত) স্বাক্ষৰিত হ’ল ৷ এই চুক্তিত বিটিএডিত বসবাস কৰা অবড়ো লোক সকলক এৰাই চলাৰ যি ষড়যন্ত্ৰ কৰিছে তাত অবড়ো লোক সকল মুঠেও সন্তুষ্ট নহয় ৷
বাক্সা জিলাৰ বৰমাস্থিত অবড়ো সুৰক্ষা সমিতিৰ অসমৰ কাৰ্যালয়ত বৃহস্পতিবাৰে সংগঠনটোৱে এখন সংবাদমেল আয়োজন কৰে। সংবাদমেলত সংগঠনটোৱে বিটিআৰ চুক্তি ৰূপায়নৰ পূৰ্বে অসম চৰকাৰে অবড়োৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি সংগঠনটোক দিছিল । কিন্তু শেহতীয়াভাৱে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা বৈঠকৰ পিছত বিটিআৰ চুক্তি ৰূপায়নৰ তৎপৰতা চলোৱাত জাঙুৰ খাই উঠিছে অবড়ো সুৰক্ষা সমিতি। সেয়ে সংগঠনটোৱে বৃহস্পতিবাৰে এখন সংবাদমেল আয়োজন কৰি বিটিআৰ চুক্তি ৰূপায়ণৰ পূৰ্বে অবড়ো সকলৰ সমস্যা সমাধান কৰাৰ দাবী জনাই এলানি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি জানিব দিয়ে। সেই অনুসৰি ২৭ ছেপ্তেম্বৰত সজাগতা সভা, ৫ অক্টোবৰত জিলাই জিলাই অৱস্থান ধৰ্মঘট, ৯ অক্টোবৰত বিটিচি পৰিষদীয় সমষ্টি ভিত্তিক বাইক ৰেলী, ১৩ অক্টোবৰত সমষ্টি ভিত্তিক প্ৰতিবাদী সমদল, ২০ অক্টোবৰত দিছপুৰ চলো আৰু পৰৱৰ্তী পৰ্যায়ত অনিৰ্দিষ্টকালীন বিটিএডি বন্ধ কৰাৰ হুংকাৰ প্ৰদান কৰে ।