অসম

assam

ETV Bharat / state

গোৰেশ্বৰত ঠিকাদাৰক ধমক ভৱেশ কলিতাৰ - জেঠমহীয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে

গোৰেশ্বৰত কাঠৰ দলং উটুৱাই নিলে শুক্লাই নৈৰ বাঢ়নী পানীয়ে । ঠিকাদাৰৰ হেমাহিৰ বাবে ৫ বছৰে নিৰ্মাণ নহ'ল দলং । সেই স্থানত উপস্থিত হৈ ঠিকাদাৰক ধমক দিলে বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতিগৰাকীয়ে (Bhabesh Kalita warns contractor in Goreswar)। সঠিক সময়ত দলং নিৰ্মাণ কৰিব নোৱাৰিলে ঠিকাদাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিলে বিজেপি নেতাগৰাকীয়ে ।

tamulpur
গোৰেশ্বৰত ঠিকাদাৰক ধমক ভৱেশ কলিতাৰ

By

Published : May 18, 2022, 7:03 PM IST

তামুলপুৰ, ১৮ মে': ৰাজ্যৰ ভিন্ন প্ৰান্তত জেঠমহীয়া বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে (Flood grim in Assam)। ফলত কেইবাখনো জিলাৰ লক্ষাধিক জনতা বানৰ কৱলত পৰিছে । গৃহহীন হৈ পৰিছে অজস্ৰ লোক । বানপীড়িত ৰাইজে ওখ স্থানত অথবা শিবিৰত আশ্ৰয় ল'বলৈ আৰম্ভ কৰিছে ।

আনহাতে বহু স্থানত আকৌ বাঢ়নী পানীয়ে উটুৱাই নিছে পথ আৰু দলং । তামুলপুৰ জিলাৰ গোৰেশ্বৰৰো বহু অঞ্চল প্লাৱিত হৈছে (Flood in Goreswar)। শুক্লাই নৈৰ বাঢ়নী পানীয়ে কেইবাখনো গাঁও প্লাৱিত কৰিছে । ইয়াৰ মাজতে দীঘপাৰ মাদলবাৰীৰ এখন কাঠৰ দলং বাঢ়নী পানীয়ে উটুৱাই লৈ যায় । যাৰ বাবে অঞ্চলটোৰ ৰাইজৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে ।

গোৰেশ্বৰত ঠিকাদাৰক ধমক ভৱেশ কলিতাৰ

কাঠৰ দলংখনৰ সমীপতে থকা পকী দলং সঠিক সময়ত নিৰ্মাণ নোহোৱাৰ বাবেই একমাত্ৰ কাঠৰ দলংখনৰ ওপৰত ভৰষা কৰি আহিছিল সেই অঞ্চলৰ ৰাইজ । ৫ বছৰৰ পাছতো দলংখন নিৰ্মাণ নোহোৱাত ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ৰাইজৰ অভিযোগৰ পাছতে প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিজেপি দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা বুধবাৰে সেই স্থানত উপস্থিত হয় ।

নেতাগৰাকীয়ে কামৰ লেহেমীয়া গতিত ক্ষোভিত হোৱাৰ লগতে আৰু ৰাইজৰ সন্মুখতে ঠিকাদাৰক দিলে ধমক (Bhabesh Kalita warns contractor in Goreswar)। কম দিনৰ ভিতৰত কাঠৰ দলংখন পুনৰ নিৰ্মাণ আৰু পকী দলংখন নিৰ্মাণ কৰি উলিয়াব নোৱাৰিলে ঠিকাদাৰৰ বিৰুদ্ধে এজাহাৰ দিয়াৰো হুংকাৰ দিয়ে ভৱেশ কলিতাই । ইফালে দলংখন পৰিদৰ্শন কৰাৰ লগতে ৰাইজৰ বিভিন্ন অভাৱ-অভিযোগসমূহক লৈও আলোচনা কৰে বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে ।

লগতে পঢ়ক :ৰাজ্যত বানৰ সংহাৰ: গোৰেশ্বৰত বানে উটুৱাই নিলে দলং

ABOUT THE AUTHOR

...view details