তামুলপুৰ, 16 জুলাই : তামুলপুৰ মহকুমাৰ অন্তৰ্গত গোৰেশ্বৰ অঞ্চলৰ বানাক্ৰান্ত ৰাইজৰ খবৰ ল'লে মন্ত্ৰী ভবেশ কলিতাই । গোৰেশ্বৰত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে বেটাগাঁও,চেনিগাঁও,নিজকোছুলা,বৰপথাৰ আদি গাঁও পৰিদৰ্শন কৰে ।
গোৰেশ্বৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ভবেশ কলিতাৰ - শুক্লা আৰু পুঠিমাৰী নৈৰ বাঢ়নী পানী
গোৰেশ্বৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰিলে মন্ত্ৰী ভবেশ কলিতাই ৷ বেটাগাঁও,চেনিগাঁও,নিজকোছুলা,বৰপথাৰ আদি গাঁও পৰিদৰ্শন কৰে কলিতাই ৷
গোৰেশ্বৰৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ভবেশ কলিতাৰ
শুক্লা আৰু পুঠিমাৰী নৈৰ বাঢ়নী পানীয়ে গাঁওকেইখনৰ বিস্তৰ ক্ষতিসাধন কৰিছে। ইয়াৰোপৰি,নৈ দুখনে কেইবাঠাইতো মথাউৰি চিঙাৰ ফলত ঘৰ-দুৱাৰৰ লগতে কৃষিভূমিৰ বিস্তৰ ক্ষতি সাধন কৰিছে । প্ৰায় 200 বিঘা কৃষিভূমি নৈৰ বালিয়ে পুতি পেলাইছে। চিঙি যোৱা মথাউৰি আৰু ক্ষতি হোৱা কৃষিভূমিৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ লগত আলোচনা কৰি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক :গহপুৰত দৰিদ্ৰ ৰোগীলৈ বিনামূলীয়াকৈ বাইক এম্বুলেঞ্চ