অসম

assam

বাক্সাত 'বেটী বচাও বেটী পঢ়াও' কাৰ্যসূচী

By

Published : Feb 25, 2021, 1:14 PM IST

Updated : Feb 25, 2021, 8:03 PM IST

এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়ানৰ লক্ষীবজাৰ কেম্পৰ উদ্যোগত আৰু ককলাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত বাক্সাত 'বেটী বচাও বেটী পঢ়াও' শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় ।

বাক্সাত এছ এছ বিৰ উদ্যোগত 'বেটী বচাও বেটী পঢ়াও' কাৰ্যসূচী
বাক্সাত এছ এছ বিৰ উদ্যোগত 'বেটী বচাও বেটী পঢ়াও' কাৰ্যসূচী

বাক্সা,২৫ ফেব্ৰুৱাৰী:বাক্সা জিলাৰ শিমলাত এছ এছ বিৰ বিশেষ সজাগতামূলক কাৰ্যসূচী । এছ এছ বিৰ ২৭ নম্বৰ বেটেলিয়ানৰ লক্ষীবজাৰ কেম্পৰ উদ্যোগত আৰু ককলাবাৰীউচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহযোগত "বেটী বচাও বেটী পঢ়াও" শীৰ্ষক এক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ মৰ্মে 'এক ভাৰত শ্ৰেষ্ঠ ভাৰত' অভিযানৰ অংশ হিচাপে বুধবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰে ।

লক্ষীবজাৰ কেম্পৰ ভাৰপ্ৰাপ্ত বিষয়া উমা শংকৰ পাটলে জনোৱা মতে তেওঁলোকে প্ৰতি মাহে এক ভাৰত শ্ৰেষ্ঠ ভাৰত কাৰ্যসূচী ৰূপায়ণ কৰি আহিছে ৷ "বেটী বচাও বেটী পঢ়াও" কাৰ্যসূচীৰ জৰিয়তে ৰাইজক ল'ৰা-ছোৱালী উভয়ে সমান বুলি সজাগ কৰিব বিচৰা হৈছে । সজাগতামূলক কাৰ্যসূচীটোত ককলাবাৰীউচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰীসকলৰ উপৰিও এছ এছ বিৰ পৰিদৰ্শক কে চি মজুমদাৰ, বিদ্যালয়খনৰ অধ্যক্ষ বিক্ৰম কলিতাকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:বিশ্বনাথৰ বাট-পথ উন্নীতকৰণত বিশেষ গুৰুত্ব উপায়ুক্তৰ

Last Updated : Feb 25, 2021, 8:03 PM IST

ABOUT THE AUTHOR

...view details