অসম

assam

ETV Bharat / state

বাক্সাত চৰকাৰী খণ্ড ব্যক্তিগতকৰণক লৈ উত্তাল ৰাজপথ - মধ্যাহ্ন ভোজন কৰ্মী

মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণৰ দিশে ধাৱমান হোৱাৰ ফলত বৃহস্পতিবাৰে মুছলপুৰস্থিত জিলা কেন্দ্ৰৰ সন্মুখত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সকলে প্ৰতিবাদত সাব্যস্ত কৰে ৷

চৰকাৰী খণ্ড ব্যক্তিগতকৰণ কৰাক লৈ উত্তাল ৰাজপথ
চৰকাৰী খণ্ড ব্যক্তিগতকৰণ কৰাক লৈ উত্তাল ৰাজপথ

By

Published : Feb 19, 2021, 7:57 AM IST

বাক্সা, 19 ফেব্ৰুৱাৰীঃৰাজ্যৰ চৰকাৰী খণ্ড সমূহ লাহে লাহে ব্যক্তিগতকৰণৰ দিশে ধাৱমান হৈছে ৷ এইবাৰ ব্যক্তিগতকৰণৰ দিশে মধ্যাহ্ন ভোজন আঁচনি ৷ যাৰ বাবে বৃহস্পতিবাৰে উত্তাল হ’ল বাক্সা জিলা ৷ ৰাজপথলৈ ওলাই আহিল শ শ মধ্যাহ্ন ভোজন কৰ্মী ৷ প্ৰতিবাদৰ ধ্বনিত কম্পমান হৈ পৰিল মুছলপুৰস্থিত জিলা কেন্দ্ৰ ৷

মধ্যাহ্ন ভোজন আঁচনি ব্যক্তিগতকৰণ কৰিব বিচৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে মুছলপুৰত বাক্সা জিলাৰ বিদ্যালয়ত কৰ্মৰত মধ্যাহ্ন ভোজনৰ ৰান্ধনী সকল বহিল প্ৰতিবাদত ৷ প্ৰায় 17 বছৰীয়া পুৰণি এই আঁচনি ব্যক্তিগতকৰণ কৰিব ওলোৱাৰ লগতে চৰকাৰে মধ্যাহ্ন ভোজন কৰ্মী সকলক দিয়া প্ৰতিশ্ৰুতি সমূহো পূৰণত ব্যৰ্থ হৈছে ৷ এই বুলি গৰজি উঠিছে এই সকল প্ৰতিবাদী মহিলা ৷ সেয়ে বৃহস্পতিবাৰে বাক্সা জিলা মধ্যাহ্ন ভোজন কৰ্মচাৰী সন্থাৰ সম্পাদিকা ভনীতা পাঠক ৰয়ৰ নেতৃত্বত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচীৰ ৷

চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰ আৰু নায্য দাবীৰে উত্তাল হ’ল জিলা কেন্দ্ৰৰ চৌহদ ৷ এই মধ্যাহ্ন ভোজন কৰ্মী সকলৰ দাবী যেতিয়ালৈকে পূৰণ নহয়, তেতিয়ালৈকে এই প্ৰতিবাদ অবিৰতভাৱে চলাই যাব বুলি মন্তব্য কৰে এই প্ৰতিবাদী মধ্যাহ্ন ভোজন কৰ্মী সকলে ৷

লগতে পঢ়কঃভোটৰ যুদ্ধত "ইণ্ডিয়া ফাউণ্ডেছন" বনাম "ডিজাইন বক্স"

ABOUT THE AUTHOR

...view details