বৰমা, ৮ অক্টোবৰঃসমগ্ৰ ৰাজ্যৰ লগতে বাক্সাতো উদযাপন কৰা হয় দচেৰা উৎসৱ ৷ বৰমাৰ মৰা পাগলাদিয়া নৈৰ পাৰত হেজাৰ হেজাৰ ভক্তৰ উপস্থিতিত বিসৰ্জন দিয়া হয় দেৱী দুৰ্গাক ৷ ইয়াৰ পিচতে ৮৬ সংখ্যক বৰমা বাৰোৱাৰী দুৰ্গা পূজাৰ লগত সংগতি ৰাখি উদযাপন কৰা হয় ৰাৱণ দাহন কাৰ্যসূচী ৷ মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে উদ্বোধন কৰা ১০০ ফুট উচ্চতাৰ ৰাৱনক সাংসদ নৱ কুমাৰ শৰণীয়াই ধনুকাড়েৰে ৰাৱনৰ মুৰ্তিত অগ্নিসংযোগ কৰে ৷
বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ - মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী
বাক্সাৰ বৰমাত ১০০ ফুট উচ্চতাৰ ৰাৱণ দাহ । মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামী আৰু সাংসদ নৱ কুমাৰ শৰণীয়া ৷
ইপিনে এই কাৰ্যসূচীত উপস্থিত থাকি মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষিকেশ গোস্বামীয়ে আমাৰ সমাজৰ পৰা অশুভ শক্তিৰ বিদায় দিয়াৰ কাৰণে প্ৰতিকী ৰূপত ৰাৱনক জ্বলাই দিয়া হয় বুলি উল্লেখ কৰে ৷ তেওঁ লগতে প্ৰদুষণ মুক্ত দেশ গঢ়াৰ কাৰণে প্ৰধানমন্ত্ৰীয়ে বহু পদক্ষেপ গ্ৰহণ কৰিছে বুলি উল্লেখ কৰি ৰাৱন দাহনত ব্যৱহৃত আতচবাজীৰ পৰা হ'ব পৰা প্ৰদূষণ ৰোধ কৰাৰ ক্ষেত্ৰটো পদক্ষেপ গ্ৰহণৰ ইংগিত দিয়ে ৷ ৰাৱণ দাহন কাৰ্যসূচীত বাক্সাৰ উপায়ুক্ত ভাস্কৰ পেগু, জিলা আৰক্ষী অধিক্ষক থুবে প্ৰতীক বিজয়, বৰমা ৰাজহ চক্ৰ বিষয়া চাইফুদৌলাহ খানকে ধৰি বহু লোক উপস্থিত থাকে ৷