অসম

assam

By

Published : Oct 1, 2019, 4:29 AM IST

ETV Bharat / state

বৰমাত পিপুল জইন একচন কমিটি ফৰ মুভমেন্টৰ সংবাদমেল

সংবাদমেল যোগে বিটিএডিৰ শান্তি তথা বৃহত্তৰ বড়ো সমস্যা সমাধানৰ স্বাৰ্থত বড়ো দল সংগঠনসমূহক একত্ৰিত হৈ কাম কৰাৰ আহব্বান ৷

বৰমাত পিপুল জইন একচন কমিটি ফৰ মুভমেন্টৰ সংবাদমেল

বৰমা, 30 ছেপ্তেম্বৰ: বিটিএডি অঞ্চলৰ শান্তি তথা বড়ো সকলৰ দীৰ্ঘকালিন সমস্যা সমাধানৰ সামূহিক স্বাৰ্থত বড়ো দল-সংগঠন সমূহক এক সংবাদমেল যোগে একেলগ হোৱাৰ আহব্বান জনালে পিপুলচ ডেম'ক্ৰেটিক মুভমেন্ট ফৰ বডোলেণ্ড নামৰ এটা সংগঠনে ৷ সোমবাৰে বাক্সা জিলাৰ বৰমাত এক সংবাদমেল সম্বোধন কৰি বিটিএডি অঞ্চলৰ শান্তি স্থাপনৰ বাবে এন ডি এফ বি প্ৰগতিশীলৰ দুটা গোট ক্ৰমে গোবিন্দ বসুমতাৰী আৰু ধীৰেন বড়োক একত্ৰিত হবলৈ আহ্বান জনাই সংগঠনটোৰ সভাপতি জেব্ৰা ৰাম মোছাহাৰীয়ে ৷ লগতে এতিয়াও সঅস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখা এন ডি এফ বিৰ সংবিজিত গোটকো বৃহত্তৰ বড়ো জাতিৰ কল্যাণৰ বাবে শান্তি প্ৰক্ৰিয়াত যোগ দি বড়ো সমস্যা সমাধানত আগভাগ লবলৈ সংবাদমেল যোগে আহব্বান জনাই ৷

ইফালে বিটিচি নিৰ্বাচনৰ পূৰ্ৱে বড়ো সংগঠনৰ বিভাজনত ৰাজনৈতিক ষড়যন্ত্ৰ চলি থকাৰো অভিযোগ কৰে সংগঠনটোৱে ৷ আনহাতে সংবাদমেল যোগে সাংসদ নৱ কুমাৰ শৰণীয়াৰ নেতৃত্বত গঠিত বিটিএডি সেনাক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে পিপুলচ ডেমোক্ৰেটিক মুভমেন্ট ফৰ বডোলেণ্ডৰ সভাপতি জেব্ৰা ৰাম মোছাহাৰীয়ে ৷ শৰণীয়াৰ বিটিএডি সেনা গঠনৰ ফলত সাম্প্ৰদায়িক সংঘাত সৃষ্টিৰ আশংকা ব্যক্ত কৰি সংগঠনটোৰ সভাপতি মুছাহাৰীয়ে কয় যে গণতান্ত্ৰীক দেশত দল গঠন কৰাটো সকলোৰে অধিকাৰ আছে যদিও যি দল বা সংগঠন গঠনৰ দ্বাৰা শান্তি বিঘ্নিত হোৱাৰ আশংকা থাকে তেনে দল বা সংগঠন জন্ম দিয়াৰ পৰা বিৰত থকা উচিত ৷

বৰমাত পিপুল জইন একচন কমিটি ফৰ মুভমেন্টৰ সংবাদমেল

For All Latest Updates

ABOUT THE AUTHOR

...view details