অসম

assam

ETV Bharat / state

অৱসানৰ দিশে অবড়ো সুৰক্ষা সমিতি - নৱ কুমাৰ শৰণীয়া

বিটিআৰত পৰিষদ গঠন কৰিব ইউ পি পি এল, বিজেপি আৰু জি এছ পিয়ে ৷ দেওবাৰে এই কথা ঘোষণা কৰিছিল বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।

barma-gsp-meeting
অৱসানৰ দিশে অবড়ো সুৰক্ষা সমিতি

By

Published : Dec 14, 2020, 7:38 PM IST

বাক্সা, ১৪ ডিচেম্বৰ :বিটিচি নিৰ্বাচনত গণ সুৰক্ষা পাৰ্টী মাত্ৰ এখন আসন দখল কৰি পৰিষদীয় চৰকাৰত অংশগ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰি সোমবাৰে বৰমাত অবড়ো সুৰক্ষা সমিতিৰ কাৰ্যালয়ত অবড়ো সুৰক্ষা সমিতি আৰু জি এচ পিৰ কৰ্মকৰ্তা মিলিত হয় । উক্ত বৈঠকত সদ্য সমাপ্ত নিৰ্বাচনক লৈ পৰ্যালোচনা কৰে সাংসদ নৱ কুমাৰ শৰণীয়াই । সভাৰ অন্তত নৱ শৰণীয়াই অবড়োৰ সমস্যা সমাধানৰ দাবী লৈ বিজেপি, ইউ পি পি এলৰ সৈতে চৰকাৰত সহযোগ কৰাৰ কথাও উল্লেখ কৰে ।

নৱ কুমাৰ শৰণীয়াই অবড়োৰ সংগ্ৰামখন সন্ত্ৰাসৰ বিৰুদ্ধে, এই সংগ্ৰামখন কোনো জাতিৰ বিৰুদ্ধে নহয় বুলিও মন্তব্য কৰে । যিহেতু বিটিচিত বিভিন্ন সংগঠনে পৃথকে চিন্তা চৰ্চা কৰে তেনে ক্ষেত্ৰত অবড়ো সুৰক্ষা সমিতিৰ ভৱিষ্যত সম্পৰ্কেও মত প্ৰকাশ কৰে নৱ শৰণীয়াই । তেওঁ জি এচ পি পুনৰ গঠনৰো পোষকতা কৰে । ইয়াৰ পিছতে একপ্ৰকাৰে অবড়ো সুৰক্ষা সমিতিয়ে অৱসানৰ দিশে গতি কৰাৰ ধাৰণা কৰা হৈছে ৷

অৱসানৰ দিশে অবড়ো সুৰক্ষা সমিতি

উল্লেখ্য যে, বিটিআৰত পৰিষদ গঠন কৰিব ইউ পি পি এল, বিজেপি আৰু জি এছ পিয়ে ৷ দেওবাৰে এই কথা ঘোষণা কৰিছিল বিজেপিৰ সভাপতি ৰঞ্জিত দাস, ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো আৰু মন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই ।

লগতে পঢ়ক: 15 ডিচেম্বৰত বিটিচিত গঠন হ'ব জোঁটবন্ধনৰ পৰিষদ

ABOUT THE AUTHOR

...view details