বৰমা,22 ফেব্ৰুৱাৰী:শান্তিৰ স্বাৰ্থত চুক্তি স্বাক্ষৰ কৰি স্বাক্ষৰকাৰীকে জেললৈ প্ৰেৰণ কৰিলে শান্তি কেতিয়াও নাহে ৷ শনিবাৰে বৰমা প্ৰেছ ক্লাৱত সংবাদ মেল আয়োজন কৰি এই মন্তব্য দিয়ে বড়ো পিপুলচ কমিটি ফৰ পিচ ইনিচিয়েটিভ সংগঠনৰ সভাপতি ৰংজালু বসুমতাৰীয়ে ৷
স্থায়ী শান্তিৰ স্বাৰ্থত বিগত ২৭ জানুৱাৰীত এন ডি এফ বিৰ চাৰিওটা গোটে স্বাক্ষৰ কৰিছিল তৃতীয় বড়ো শান্তি চুক্তিত ৷ তাৰ বাবে যাৱজীৱন কাৰাদণ্ডেৰে দণ্ডিত এনডিএফবিৰ প্ৰতিষ্ঠাপক সভাপতি ৰঞ্জন দৈমাৰীক চাৰি সপ্তাহৰ বাবে জামিন প্ৰদান কৰিছিল ন্যায়ালয়ে ৷ পিচে জামিনৰ ম্যাদ উকলি যোৱাৰ পিচত পুনৰ জেললৈ প্ৰেৰণ কৰে ৰঞ্জন দৈমাৰীক ৷ তাতে ক্ষুন্ন হৈ কালি এন ডি এফ বিৰ চাৰিটা গোটৰ সমন্বয়ৰক্ষী সমিতিয়ে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়াৰ পাছত পুনৰ শনিবাৰে বড়ো পিপুলচ কমিটি ফৰ পিচ ইনিচিয়েটিভ নামৰ সংগঠনটোৱে মুক্তিৰ দাবী জনায় ৰঞ্জন দৈমাৰীক ৷