অসম

assam

ETV Bharat / state

বৰমাত 12 বছৰীয়া কিশোৰীৰ আত্মহত্যাঃ জেললৈ পতি-পত্নী

বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁৱত 12 বছৰীয়া কিশোৰীৰ আত্মহত্যাৰ ঘটনাক কেন্দ্ৰ কৰি বিৰাজ কৰিছে সমগ্ৰ অঞ্চলটোত উত্তেজনা

By

Published : Aug 2, 2019, 11:22 PM IST

বাক্সাৰ বৰমাত 12 বছৰীয়া কিশোৰীৰ আত্মহত্যা

বাক্সা, 2 আগষ্টঃ বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁৱত এগৰাকী 12 বছৰীয়া কিশোৰীয়ে ডিঙিত চীপ লৈ আত্মহত্যা কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত উত্তেজনা বিৰাজ কৰিছে ৷ বৰমা আৰক্ষীয়ে এতিয়ালৈকে আত্মহত্যাৰ কাৰণ স্পষ্টকৈ জানিব পৰা নাই যদিও অন্য এক তথ্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ তথ্য অনুসৰি, বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁৱৰ ভুপেন ৰামছিয়াৰী আৰু তেওঁৰ পত্নী কাবেৰী হাজৰীকা ৰামছিয়াৰীয়ে পোন্ধৰ মাহ পূৰ্বে চতিয়াৰ পৰা পিতৃ - মাতৃ নোহোৱা জুবী বৰমুদৈ নামৰ বাৰ বছৰীয়া নাবালিকা গৰাকীক নিজ গৃহলৈ লৈ আনি ঘৰুৱা সকলো কাম কণমানিজনীক কৰিবলৈ দিয়াৰ লগতে লঘু দোষতে শাস্তি বিহিছিল ৷ ঘটনা সংক্ৰান্তত শিশু সুৰক্ষা বিভাগে দাখিল কৰা এজাহাৰৰ ভিত্তিত দুই পতি পত্নীক শুক্ৰবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেইল হাজোতলৈ প্ৰেৰণ কৰে ৷

বাক্সাৰ বৰমাত 12 বছৰীয়া কিশোৰীৰ আত্মহত্যা

ABOUT THE AUTHOR

...view details