অসম

assam

ETV Bharat / state

Operation against Traffic rules violation: বাক্সাত যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান - Operation against Traffic rules violators in Baksa

যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে বাক্সা জিলাৰ বৰমাত আৰক্ষীয়ে অভিযান চলাইছে (Barama Police operation against traffic law violators)। এটা দিনতে ৩৫ হাজাৰ টকাৰ জৰিমণা সংগ্ৰহ আৰক্ষীৰ ।

Operation against Traffic rules violation
বাক্সাত যান বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান

By

Published : Dec 28, 2021, 6:48 PM IST

বাক্সা,২৮ ডিচেম্বৰ :নৱবৰ্ষৰ প্ৰাকক্ষণত দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সকলোকে সাৱধান হোৱাৰ বাবে আহ্বান জনাইছে । ইয়াৰ মাজতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে সষ্টম হোৱা দেখা গৈছে অসম আৰক্ষীক । বাক্সা আৰক্ষীয়েও দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে কঠোৰ পদক্ষেপ হাতত লৈছে ।হেলমেট পৰিধান নকৰা আৰু বাহনৰ নথি-পত্ৰ নথকা চালকৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে (Barama Police operation against traffic law violators)।

বাক্সাত যান বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে অভিযান

বাক্সা জিলাৰ বৰমাত বৰমা আৰক্ষী আৰু জিলা পৰিবহণ বিভাগে তালাচী চলোৱা দেখা গৈছে । তালাচীৰ জৰিয়তে যান-বাহন আইন নমনা লোকৰ পৰা এদিনতে প্ৰায় ৩৫ হাজাৰ জৰিমণা সংগ্ৰহ কৰে আৰক্ষীয়ে । নতুন বছৰৰ প্ৰাকমুহূৰ্তত যাতে কোনো ধৰণৰ দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে আৰক্ষী তথা প্ৰশাসনে পৰিবহণ আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰা বুলি মন্তব্য কৰে বৰমা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীয়ে ৷

তেওঁ জানিবলৈ দিয়া মতে, অনাগত দিনতো এনেধৰণৰ তালাচী চলি থাকিব । ইফালে সকলো বাইক আৰোহীক হেলমেট পৰিধান কৰাৰ লগতে যান-বাহন আইন পালন কৰিবলৈও আহ্বান জনাই আৰক্ষী বিষয়াগৰাকীয়ে ।

লগতে পঢ়ক :Anti Drugs Mission : নগাঁও আৰু নাহৰকটীয়াত ড্ৰাগছসহ সৰবৰাহকাৰী আটক

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details