বাক্সা, 28 আগষ্টঃকুমাৰীকাটা কাউলী সংযোগী পথত নিৰ্মাণ কৰা শৰাইঘাটৰ অনুৰূপ বাঁহৰ দলঙে বৰ্তমান সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটা- কাউলী সংযোগী পথৰ মটঙা নদীৰ ওপৰত স্থানীয় ৰাইজে নিৰ্মাণ কৰিছে দলংখন । ২৮ আগষ্ট বুধবাৰে অঞ্চলটোৰ জ্যেষ্ঠ নাগৰিক ভীম বৈশ্য নামৰ লোকজনে আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে দলংখন ।
বাক্সাৰ কুমাৰীকাটাৰ আঢ়ৈ লাখটকীয়া বাঁহৰ দলং মুকলি - BAKSHA
কুমাৰীকাটা- কাউলী সংযোগী পথৰ মটঙা নদীৰ ওপৰত স্থানীয় ৰাইজে নিৰ্মাণ কৰিলে আঢ়ৈ লাখটকীয়া বাঁহৰ দলং৷ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰায় পাঁচ শতাধিক ৰাইজৰ লগতে বহু সংখ্যক ছাত্ৰী-ছাত্ৰী
![বাক্সাৰ কুমাৰীকাটাৰ আঢ়ৈ লাখটকীয়া বাঁহৰ দলং মুকলি](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4267301-509-4267301-1566995056986.jpg)
বাক্সাৰ কুমাৰীকাটাৰ আঢ়ৈ লাখটকীয়া বাঁহৰ দলং মুকলি
দলংখন নিৰ্মাণৰ ফলত স্থানীয় ৰাইজৰ লগতে বিশেষভাৱে উপকৃত হ'ব অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী ৷ এই আঢ়ৈ লাখটকীয়া বাঁহৰ দলংখনৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে প্ৰায় পাঁচ শতাধিক ৰাইজৰ লগতে বহু সংখ্যক ছাত্ৰী-ছাত্ৰী৷
বাক্সাৰ কুমাৰীকাটাৰ আঢ়ৈ লাখটকীয়া বাঁহৰ দলং মুকলি