অসম

assam

ETV Bharat / state

তামোল গছৰ খুঁটাৰে চলে তামুলপুৰ উপ সংমণ্ডলৰ বিদ্যুৎ সেৱা

পকী খুঁটাৰ বাবে বিদ্যুৎ বিভাগৰ ঠিকাদাৰক স্থানীয় ৰাইজে টকা দিব নোৱাৰাত ঠিকাদাৰসকলে বিপদসংকুলভাৱে বাঁহ,তামোল আৰু গছৰ খুটাত স্থাপন কৰিছে বিদ্যুতৰ তাঁৰ ।

Bamboo & tree Post Current Supply
তামোলৰ গছৰ খুঁটাৰে চলে তামুলপুৰ উপ সংমণ্ডলৰ বিদ্যুৎ সেৱা

By

Published : Jan 7, 2020, 1:09 PM IST

বাক্সা,৭ জানুৱাৰী: বাক্সাৰ জিলাৰ তামুলপুৰ উপ সংমণ্ডলৰ অধীনষ্ঠ ১ নং ডোঙাৰগাঁৱৰ ধেপগুৰীত বগাহাতীত পৰিণত দীনদয়াল উপাধ্যায় গ্ৰামজ্যোতি আঁচনি। আঁচনিখন ৰূপায়ণৰ নামত ধেপগুৰী গাঁৱৰ সৰ্বসাধাৰণ লোকৰ জীৱনৰ লগত হেতালি খেলিছে তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলত কৰ্মৰত কৰ্মচাৰীসকলে।

তামোলৰ গছৰ খুঁটাৰে চলে তামুলপুৰ উপ সংমণ্ডলৰ বিদ্যুৎ সেৱা

আঁচনিৰ অধীনত ঘৰে ঘৰে বিদ্যুৎ যোগানৰ নামত একাংশ ঠিকাদাৰে দিন হাজিৰা কৰি খাটি খোৱা লোকৰ পৰা পকী খুঁটা দিয়াৰ নামত টকা বিচৰাৰ অভিযোগ উত্থাপন হৈছে। কিন্তু স্থানীয় ৰাইজে পকী খুঁটাৰ বাবে টকা দিব নোৱাৰাত ঠিকাদাৰসকলে বিপদসংকুলভাৱে বাঁহ,তামোল আৰু গছৰ খুটাত বিদ্যুতৰ তাঁৰসমূহ স্থাপন কৰে। অঞ্চলটোত বহু লোকৰ ঘৰৰ মুধছৰ ওপৰৰে গৈছে বিদ্যুতৰ তাঁৰ।

উল্লেখ্য যে,তামুলপুৰ বিদ্যুৎ উপ সংমণ্ডলটোত কৰ্মৰত কৰ্মচাৰীসকলে চৰকাৰে সময় মতে দৰমহা আদায় নিদিলে প্ৰতিবাদ কৰিবলৈহে গোট খাই বুলি স্থানীয় লোকে অভিযোগ কৰিছে। কিন্তু গাঁৱৰ মিটাৰ ৰিডিং আৰু নিৰীক্ষণ কৰিবলৈ কোনো বিষয়া কৰ্মচাৰী সময়মতে নহাৰ অভিযোগ কৰিছে স্থানীয় লোকে ।

লগতে চাওকঃপৰিৱৰ্তনে ঢুকি নোপোৱা ধেমাজিৰ এটা অঞ্চল

ABOUT THE AUTHOR

...view details