অসম

assam

25 খন আসন লাভ কৰি ইউ পি পি এল দলে দখল কৰিব বিটিচিঃ ইউ পি পি এল

By

Published : Aug 19, 2020, 10:04 PM IST

তামুলপুৰ প্ৰেছ ক্লাৱত ইউ পি পি এল দলৰ সংবাদমেল ৷ উক্ত সংবাদমেলত বহু কেইটা বিষয় আলোচনা দলৰ ৷ লগতে 24 ৰ পৰা 25 খন আসন লাভ কৰি ইউ পি পি এল দলে দখল কৰিব বিটিচি ৷ এই মন্তব্য ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিৰণ্য চৌধুৰীৰ ।

BAKSHA UPPL PRESSMEET
25 খন আসন লাভ কৰি ইউ পি পি এল দলে দখল কৰিব বিটিচিঃ ইউ পি পি এল

বাক্সা, 19 আগষ্ট :বিটিচিত ইউ পি পি এল দলে চৰকাৰ গঠন কৰিব তাত কোনো সন্দেহ নাই । 24 ৰ পৰা 25 খন আসন লাভ কৰি ইউ পি পি এল দলে দখল কৰিব বিটিচি ৷ এই মন্তব্য ইউ পি পি এলৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি হিৰণ্য চৌধুৰীৰ । বুধবাৰে তামুলপুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য প্ৰদান কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি গৰাকীৰ ।

ইয়াৰ উপৰিও, বিপিএফ, এন ডি এফ বি গোটৰ, জিএছ পিকে আদি কৰি বিটিচিৰ কেইটামান ৰাজনৈতিক দলে ইউ পি পি এল দলৰ বিৰুদ্ধে ষড়যন্ত্ৰমুলক বক্তব্য দাঙি ধৰি বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত বিভ্ৰান্ত সৃষ্টি কৰা পৰিলক্ষিত হৈছে । সংবাদমেলত আকৌ কয় যে, বিৰোধী দল সমূহে ইউ পি পি এল দলে চৰকাৰ গঠন কৰিলে বিটিচিত বসবাস কৰা আন জাতি-জনগোষ্ঠীৰ লোক সকলে টালি-টোপোলা বান্ধি বিটিচি এৰি যাব লগা হ'ব ৷ আনকি, মাটি-বাৰীৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হ'ব বুলি বক্তব্য প্ৰদান কৰি জাতি-জনগোষ্ঠীৰ মাজত আতংকময় পৰিৱেশ সৃষ্টি কৰি আছে ।

25 খন আসন লাভ কৰি ইউ পি পি এল দলে দখল কৰিব বিটিচিঃ ইউ পি পি এল

আনহাতে, ইউ পি পিএলৰ নেতৃত্বত বিটিচিত গঠন হলে বিটিচিত বসবাস কৰা সকলো জাতি-জনগোষ্ঠীৰ লোকে সম-অধিকাৰ আৰু সম-মৰ্যদা লাভ কৰিব আৰু নিৰাপত্তা সুনিশ্চিত হ'ব । বিটিচিত ইউ পি পি এল দলে পৰিষদ গঠন কৰিলে বিপিএফৰ 17 বছৰীয়া শাসনৰ কালৰ প্ৰতিটো বিভাগত হোৱা ভ্ৰষ্টাচাৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰা হ'ব আৰু দোষীক উপযুক্ত শাস্তি দিয়া হ'ব । ইউ পি পি এল উপ-সভাপতি গৰাকীয়ে সংবাদমেলত এই বুলি কয় যে, বিপিএফ দলে 17 বছৰে কিছুমান সমস্যা সন্দৰ্ভত নিৰৱ ভূমিকা গ্ৰহণ কৰি আহিছে । মাটি-বাৰী পঞ্জীয়ন কৰাৰ ক্ষেত্ৰত এই কাম সমূহ কোকৰাঝাৰ কাৰ্যালয়তে সীমাবদ্ধ ৰাখি ৰাইজক হাৰাশাস্তি কৰি আহিছে বুলি সংবাদমেলত জনায় ।

25 খন আসন লাভ কৰি ইউ পি পি এল দলে দখল কৰিব বিটিচিঃ ইউ পি পি এল

ইফালে, 2003 চনৰ পৰা বিটিচিত বসবাস কৰা প্ৰতিটো জাতি-জনগোষ্ঠীয়ে ভূমিৰ অধিকাৰ লাভ কৰিব আৰু সন্মান সহকাৰে বিটিচিত বসবাস কৰাৰ অধিকাৰ লাভ কৰিব বুলি হিৰণ্য চৌধুৰীয়ে স্পষ্ট কৰি দিয়ে । লগতে বিটিচিত এতিয়াও অবৈধ অস্ত্ৰ থকা বুলি মন্তব্য কৰি তেওঁ কয় যে, এই অবৈধ অস্ত্ৰ সমূহ জব্দ হ'লেহে বিটিআৰ স্থায়ী শান্তি প্ৰতিষ্ঠা হোৱাৰ লগতে জনসাধাৰণৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত হ'ব । সেয়ে অবৈধ অস্ত্ৰ সমূহ জব্দ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায় ।

25 খন আসন লাভ কৰি ইউ পি পি এল দলে দখল কৰিব বিটিচিঃ ইউ পি পি এল

উল্লেখ্য যে, সংবাদমেলত ইউ পি পি এল দলৰ সাংগঠনিক সম্পাদক মুজিব আলি আহমেদ, অজিত কলিতা, নিৰঞ্জন ডেকা, নিৰঞ্জন দাস, বানিকান্ত বসুমতাৰী আদিকে ধৰি কেইবাগৰাকী নেতা উপস্থিত থাকে ।


লগতে পঢ়ক : 2021ৰ নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব কণ্ঠশিল্পী বাবু বৰুৱা !

ABOUT THE AUTHOR

...view details