নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিত ইউ পি পি এলৰ নিৰ্বাচনী সভা - প্ৰমোদ বড়োৱে
বিটিচিৰ ২৭ নং নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিটো অজনজাতি সংৰক্ষিত আসন আৰু ইউ পি পি এল দলৰ পৰা সুশীল দাসক এইবাৰ প্ৰক্ষেপ কৰা হৈছে । বুধবাৰে সুশীল দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকি দলৰ সভাপতি প্ৰমোদ বড়োৱে কেইবাটাও বিষ্ফোৰক মন্তব্য কৰে ৷
বাক্সা,2 ছেপ্তেম্বৰঃ বিশ্ব ত্ৰাস কৰ’ণা মহামাৰীৰ বাবে বিটিচি নিৰ্বাচন অনিদিষ্ট কাললৈ স্থগিত ৰাখিবলগীয়া হৈছে । তেনে সময়টো বিটিচিৰ বিভিন্ন পৰিষদীয় সমষ্টিত নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত আছে । বুধবাৰে বাক্সা জিলাৰ বিটিচিৰ ২৭ নং নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰে । বিটিচিৰ ২৭ নং নাগ্ৰীজুলিৰ পৰিষদীয় সমষ্টিটো অজনজাতি সংৰক্ষিত আসন আৰু ইউ পি পি এল দলৰ পৰা সুশীল দাসক এইবাৰ প্ৰক্ষেপ কৰা হৈছে । বুধবাৰে সুশীল দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকি দলৰ সভাপতি প্ৰমোদ বড়োৱে কেইবাটাও বিষ্ফোৰক মন্তব্য কৰি কয় যে, ইউ পি পি এলৰ চৰকাৰে হলে ই-গভৰমেন্টৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে কোনোৱে কোকৰাঝাৰত গৈ তাঁতবাতি কৰিব নালাগে । আনহাতে মঙলবাৰে ৰাজ্যৰ বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদনত বিটিআৰ চুক্তি ৰূপায়ন কৰা প্ৰসংগ উত্থাপন কৰাক আদৰণি জনাই ইউ পি পি এল দলৰ সভাপতি প্ৰমোদ বড়োয়ে ।