অসম

assam

ETV Bharat / state

বি পি এফৰ পতাকা আজিকালি শৌচালয়ত পোৱা যায়-পৃথিৰাজ মেচ - ২৭নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টি

বাক্সাৰ ২৭নং নাগ্ৰীজুলি পৰিষদীয় সমষ্টিত ইউ পি পি এল দলৰ কেইবাখনো সভাত পৃথিৰাজ মেচ । বিপিএফক দলক কঠোৰ সমালোচনা মুখপাত্ৰগৰাকীৰ ৷

বি পি এফৰ পতাকা আজিকালি শৌচালয়ত পোৱা যায়-পৃথিৰাজ মেচ
বি পি এফৰ পতাকা আজিকালি শৌচালয়ত পোৱা যায়-পৃথিৰাজ মেচ

By

Published : Jun 24, 2020, 7:19 AM IST

Updated : Jun 24, 2020, 7:42 AM IST

বাক্সা, 24 জুনঃকৰ'ণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত বিটিচিৰ নিৰ্বাচন অনিৰ্দ্দিষ্ট কাললৈ স্থগিত ৰাখিব লগীয়া হৈছে । তথাপিও কিন্তু বিটিচিত প্ৰতি দিনে বিভিন্ন দল সংগঠনে নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে । মঙলবাৰে বাক্সা জিলাৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭নং নাগ্ৰীজুলিৰ বিটিচিৰ পৰিষদীয় সমষ্টিৰ কেইবা ঠাইটো ইউ পি পি এল দলৰ সভাৰ লগতে যোগদান কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । সমষ্টিটোৰ কুমাৰীকাটাৰ কালীপুৰৰ এখন সভাত উপস্থিত থাকি ইউ পি পি এল দলৰ মুখপাত্ৰ পৃথিৰাজ মেছে কয় যে বিটিচিত থকা অবড়ো ৰাইজে জনা উচিত যে ইউ পি পি এল দলে বড়োলেণ্ড বিচৰা নাই কেৱল মাত্ৰ বিটিআৰ চুক্তি খনৰ দফা সমূহ ৰূপায়ণৰ বাবেহে সমৰ্থন কৰিছে ।

বি পি এফৰ পতাকা আজিকালি শৌচালয়ত পোৱা যায়-পৃথিৰাজ মেচ
আনপিনে বিপিএফৰ পতাকা লৈ কৰা ৰাজনীতি সম্পৰ্কত পৃথিৰাজ মেছে কয় যে যদি ১৭ বছৰে বিপিএফে ভাল কাম কৰিলে তেতিয়া হ'লে বিপিএফৰ পতাকা মানুহৰ হৃদয়ত থাকিলেহেতেন । তাৰ পৰিৱৰ্তে বি পি এফৰ পতাকা আজি হাবি জংগল অথবা বাৰীৰ চুকতহে দেখিবলৈ পোৱা গৈছে ৷
বি পি এফৰ পতাকা আজিকালি শৌচালয়ত পোৱা যায়-পৃথিৰাজ মেচ
লগতে চাওকঃ সফলতাৰ দৌৰত আগবাঢ়োতেই জীৱন হেৰুৱা শিল্পীসকল
Last Updated : Jun 24, 2020, 7:42 AM IST

ABOUT THE AUTHOR

...view details