অসম

assam

ETV Bharat / state

বাক্সাৰ ফাটেমাবাদ চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ কৰুণ কাহিনী - baksha

ৰাম ইকুৱাল সিং বিহাৰৰ বাসিন্দা ৷ পাবলগীয়া প্ৰায় ২৫ লাখ টকা পালে তেওঁ বিহাৰলৈ গৈ পৰিয়ালসহ থাকিব পাৰিব বুলিও জানিবলৈ দিয়ে ৷ শ্ৰমিক ৰাম ইকুৱাল সিঙে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰুগীয়া লোকজনে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷

baksha-tea-worker-pf-issue
বাক্সাৰ ফাটেমাবাদ চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ কৰুণ কাহিনী

By

Published : Oct 29, 2020, 3:37 PM IST

বৰমা, ২৯ অক্টোবৰঃ জীৱনৰ বিয়লিবেলাত অৱসৰ গ্ৰহণ কৰাৰ পিছতো নিজৰ প্ৰাপ্য ধন বিচাৰি পথৰ ওপৰতে বাগৰি প্ৰতিবাদ বাক্সাৰ ফাটেমাবাদ চাহ বাগিছাৰ এগৰাকী অৱসৰপ্ৰাপ্ত চাহ শ্ৰমিকৰ ৷ নিজৰ প্ৰাপ্য পি এফৰ ধন বিচাৰি ফাটেমাবাদ চাহ বাগিচাৰ পৰিচালকৰ কাৰ্যালয়ৰ সন্মুখত অৱসৰপ্ৰাপ্ত শ্ৰমিক ৰাম ইকুৱাল সিঙে কৰিলে কান্দি কান্দি প্ৰতিবাদ । যোৱা মাৰ্চ মাহত অৱসৰ গ্ৰহণ কৰা শ্ৰমিকজনে আজিলৈকে লাভ নকৰিলে নিজৰ সাঁচতীয়া ধন ।

বাক্সাৰ ফাটেমাবাদ চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত শ্ৰমিকৰ কৰুণ কাহিনী

ৰাম ইকুৱাল সিং বিহাৰৰ বাসিন্দা ৷ পাবলগীয়া প্ৰায় ২৫ লাখ টকা পালে তেওঁ বিহাৰলৈ গৈ পৰিয়ালসহ থাকিব পাৰিব বুলিও জানিবলৈ দিয়ে ৷ শ্ৰমিক ৰাম ইকুৱাল সিঙে অৱসৰ গ্ৰহণ কৰাৰ পিছত ৰুগীয়া লোকজনে পৰিয়াল পোহপাল দিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ ইতিমধ্যে ফাটেমাবাদ চাহ বাগিচাৰ পৰিচালকে সোমবাৰে একলাখ টকা শ্ৰমিকজনক দিয়াৰ আশ্বাস প্ৰদান কৰিছে ৷
লগতে পঢ়ক: মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাহসী মহিলা মঞ্চৰ প্ৰতিবাদ বেলতলা বজাৰত

ABOUT THE AUTHOR

...view details