অসম

assam

ETV Bharat / state

সত্তৰ বছৰীয়া বৃদ্ধৰ কামনাৰ বলি 7 বছৰীয়া শিশু - তামুলপুৰ আৰক্ষী থানা

বুধবাৰে এক গোপন খৱৰৰ ভিত্তিত তামুলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কৈলাশ মালাকৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ৰঙিয়াত অভিযান চলাই আত্মগোপন কৰি থকা অৱস্থাত কালিচৰণ দাসক আটক কৰিবলৈ সক্ষম হয় ৷ অভিযুক্ত কালিচৰণ দাসে সাংবাদ মাধ্যমৰ আগতো তেওঁ অপকৰ্ম কৰাৰ কথা স্বীকাৰ কৰে ৷

বাক্সাৰ তামুলপুৰত সভ্য সমাজক লজ্জানত কৰা ঘটনা

By

Published : Oct 2, 2019, 8:22 PM IST

বাক্সা, 2 অক্টোবৰঃ বাক্সাৰ জিলাৰ তামুলপুৰত সংঘটিত হৈছে সমাজক লজ্জানত কৰা এক ঘটনা ৷ সাত বছৰীয়া শিশুক যৌন নিৰ্যাতন চলাই ৰঙা ঘৰৰ আলহী হ’বলগীয়া হ’ল সত্তৰ বছৰীয়া বৃদ্ধ ৷ সভ্য সমাজক লজ্জানত কৰা এই ঘটনাই সম্প্ৰতি অঞ্চলজুৰি সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ৷

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, তামুলপুৰৰ বৰখাটাত এগৰাকী শিশুৱে যোৱা ১২ ছেপ্টেম্বৰত কালিচৰণ দাস (৬৮) নামৰ বৃদ্ধ গৰাকীৰ ঘৰত টিভি চাবলৈ যাওঁতে ঘৰত কোনো নথকাৰ সুযোগ লৈ যৌন নিৰ্যাতন চলায় বৃদ্ধ গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত শিশু গৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটাত পৰিয়ালৰ লোকে প্ৰশ্ন কৰাত শিশু গৰাকীয়ে কালিচৰণ দাস নামৰ বৃদ্ধ গৰাকীয়ে যৌন নিৰ্যাতন চোলোৱা বুলি প্ৰকাশ কৰে ৷ লগে লগে শিশু গৰাকীক পিতৃ-মাতৃয়ে চিকিৎসাৰ ব্যৱস্থা কৰে আৰু ২৭ ছেপ্টেম্বৰ তাৰিখে কালিচৰণ দাসৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তুলি তামুলপুৰ আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰে ৷

বাক্সাৰ তামুলপুৰত সভ্য সমাজক লজ্জানত কৰা ঘটনা

উল্লেখযোগ্য যে, তামুলপুৰ আৰক্ষীয়ে কালিচৰণ দাসক বিচাৰি অনুসন্ধান আৰম্ভ কৰে যদিও কালিচৰণ দাস পলাতক অৱস্থাত থকা বাবে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহয় ৷ বুধবাৰে এক গোপন খৱৰৰ ভিত্তিত তামুলপুৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক কৈলাশ মালাকৰ নেতৃত্বত এটি আৰক্ষীৰ দলে ৰঙিয়াত অভিযান চলাই আত্মগোপন কৰি থকা অৱস্থাত কালিচৰণ দাসক আটক কৰিবলৈ সক্ষম হয় ৷ অভিযুক্ত কালিচৰণ দাসক তামুলপুৰ আৰক্ষী থানালৈ আনি জেৰা কৰাত বৃদ্ধ গৰাকীয়ে শিশু গৰাকীক যৌন নিৰ্যাতন চলোৱা বুলি স্বীকাৰুক্তি দিয়ে ৷ আনহাতে অভিযুক্ত কালিচৰণ দাসে সাংবাদ মাধ্যমৰ আগতো তেওঁ অপকৰ্ম কৰা কথা স্বীকাৰ কৰে ৷

ABOUT THE AUTHOR

...view details