বাক্সা,2 ছেপ্তেম্বৰঃবাক্সাৰ তামুলপুৰৰ ভাৰত ভূটান সীমান্তৰ কাউলীৰ ১নং ডোঙাৰগাঁৱত ভয়াৱহ অগ্নি কাণ্ডৰ ঘটনা। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নি কাণ্ড সংঘটিত হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। অগ্নি কাণ্ডৰ ফলত সম্পূ্ৰ্ণৰূপে ভস্মীভূত দুটাকৈ বাসগৃহ। লগতে জুইত জাহ যায় NRCৰ নথি-পত্ৰৰ লগতে বহু যাৱতীয় নথি পত্ৰ তথা মূল্যৱান আ-অলংকাৰ।
বাক্সাত অগ্নিকাণ্ডঃ ভস্মীভূত বহুতো মূল্যৱান সা-সামগ্ৰী - ভস্মীভূত দুটাকৈ বাসগৃহ
বাক্সাৰ কাউলীৰ ১নং ডোঙাৰগাঁৱত ভয়াৱহ অগ্নি কাণ্ড ৷ অগ্নিকাণ্ডত জাহ গ'ল বহুতো মূল্যৱান নথিপত্ৰ।
বাক্সাত অগ্নিকাণ্ডঃ ভস্মীভূত বহুতো মূল্যৱান সা-সামগ্ৰী
দেওবাৰে নিশা ঘৰত কোনো নথকাৰ সময়তেই সংঘটিত এই অগ্নিকাণ্ডৰ ৷ পৰিয়ালটোৰ মুৰব্বী পূৰ্ণ বসুমতাৰীৰ ভাষ্য অনুসৰি জুইত বহু মূল্যৱান নথি পত্ৰৰ লগতে প্ৰায় ডেৰ লক্ষাধিক টকাৰ সামগ্ৰী,সোণ-ৰূপ আদিও জাহ যায়। দিন হাজিৰা কৰি কোনোমতে চলি থকা পৰিয়ালটোৱে এতিয়া সৰ্বস্ব হেৰুৱাই ভাগি পৰা পৰিলক্ষিত হৈছে ।