ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত বাক্সাৰ খেতিয়ক - কৰ'ণা মহামাৰী
লক ডাউনৰ ফলত ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত পৰিছে বাক্সাৰ এগৰাকী শিক্ষিত যুৱক । জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২নং বেটাগাঁৱৰ জিতুমনি দাস নামৰ শিক্ষিত যুৱক গৰাকীয়ে নিজেই স্বাৱলম্বী হোৱাৰ মানসৰে ৫ টকা সুতত ঋণ লৈ প্ৰায় একবিঘা মাটিত কৰিছিল ৰজনীগন্ধাৰ খেতি ।

বাক্সা,1 জুলাইঃসমগ্ৰ বিশ্বতে কৰ'ণা মহামাৰীয়ে আতংকময় পৰিৱেশ সৃষ্টি কৰাৰ লগতে লক ডাউন ২ অব্যাহত, যাৰ ফলত সমগ্ৰ ভাৰতবৰ্ষতে অৰ্থনীতিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে । তাৰ সমান্তৰালকৈ ৰাজ্যৰ লগতে বিভিন্ন জিলাত বহু লোককে দুৰ্ভোগৰ সন্মুখীন হোৱাৰ উপৰিও খাদ্য সংকট কৰিছে । লক ডাউনৰ বাবে ৰাজ্যখনৰ কৃষক সকলৰ ওপৰতো পৰিছে প্ৰভাৱ । লক ডাউনৰ ফলত ৰজনীগন্ধাৰ খেতি কৰি বিপাঙত পৰিছে বাক্সাৰ এগৰাকী শিক্ষিত যুৱক । জিলাখনৰ তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ২নং বেটাগাঁৱৰ জিতুমনি দাস নামৰ শিক্ষিত যুৱক গৰাকীয়ে নিজেই স্বাৱলম্বী হোৱাৰ মানসৰে ৫ টকা সুতত ঋণ লৈ প্ৰায় একবিঘা মাটিত কৰিছিল ৰজনীগন্ধাৰ খেতি ।