বাক্সা, 28 জানুৱাৰীঃ সোমবাৰৰে পৰা সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কোচ ৰাজবংশী সকলৰ জাতীয় উৎসৱ পুষুণা মেলা আৰম্ভ হৈছে বাক্সাৰ কুমাৰীকাটাৰ দৰঙাপাৰ শিমলুবাৰীত । অহা দুই ফেব্ৰুৱাৰী লৈ চলিবলগীয়া পুষণা মেলাৰ সোমবাৰে শুভাৰম্ভ কৰে ২৬ নং দৰঙাজুলী পৰিষদীয় সমষ্টিৰ কাৰ্যবাহী সদস্য বিজিৎ গৌৰা নাৰ্জাৰীয়ে । এই মেলাত কোচ ৰাজবংশী জনগোষ্ঠীয় লোক সকলৰ খাদ্য সম্ভাৰৰ লগতে কলা কৃষ্টি সমূহ প্ৰদৰ্শন হ'ব ।
বাক্সাৰ কুমাৰীকাটাত দ্বিতীয় বাৰ্ষিক পুষুণা মেলা আৰম্ভ - বাক্সা
পুষুণা শব্দৰ অৰ্থ হৈছে ভোগালী বিহু । অসমৰ অন্য জনগোষ্ঠীসমূহৰ নিচিনাকৈ কোচ ৰাজবংশী সকলে ভোগালী বিহুক পুষুণা নামেৰে নামাকৰণ কৰি উদযাপন কৰি আহিছে।
বাক্সা পুষুণা মেলা
উল্লেখ্য যে, মেলাথলীত হাতী ছাফাৰী, গড় হত্যা প্ৰদৰ্শন, ডাইনাচৰ প্ৰদৰ্শন আৰু আকাশ চাবৰ মনেৰে হট বেলুনত উঠিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে ।
লগতে পঢ়কঃ দেশদ্ৰোহিতাৰ অভিযোগত বিহাৰত গ্ৰেপ্তাৰ জেএনইউৰ গৱেষক ছাত্ৰ শ্বাৰ্জিল ইমাম