বাক্সা, 2 অক্টোবৰঃ বাক্সাৰ ব্যক্তিগত খণ্ডৰ এখন ব্যতিক্ৰমী বিদ্যালয় ৷ বিদ্যালয়খনৰ কামকাজে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ ৷ প্লাষ্টিকৰ অপকাৰিতাৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ এক বিৰল প্ৰয়াস আৰম্ভ হৈছে বিদ্যালয়খনত ৷ "প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ"- এই লক্ষ্যৰে বিদ্যালয়খনে প্লাষ্টিকৰ বিৰুদ্ধে চলাই আহিছে এঘৰী যুঁজ ৷ বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ নিকাছিত অৱস্থিত এই বিদ্যালয়খনৰ নাম হৈছে মডাৰ্ণ ইংলিছ স্কুল ৷ নিকাছি অঞ্চলৰ কেইজনমান শিক্ষিত নিৱনুৱা যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা এই বিদ্যালয়খনে জন্মলগ্নৰে পৰা প্ৰকৃতি সুৰক্ষাৰ হকে কাম কৰি আহিছে ৷ বিশেষকৈ প্লাষ্টিকে সৃষ্টি কৰা ভয়াৱহ প্ৰদূষণৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰিছিল এক ব্যতিক্ৰমী পদক্ষেপ ৷ ইপিনে বিদ্যালয়ত প্লাষ্টিক নিষিদ্ধ কৰাৰ লগতে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীক নিজৰ ঘৰখন প্লাষ্টিকমুক্ত কৰিবলৈ দিছিল নিৰ্দ্দেশনা ৷
"প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ"- আদৰ্শ দেখুৱাইছে বাক্সাৰ মডাৰ্ণ ইংলিছ স্কুলে
বাক্সাৰ এখন প্লাষ্টিক বৰ্জিত ব্যতিক্ৰমী বিদ্যালয় ৷ প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ ৷ প্লাষ্টিকৰ বিৰুদ্ধে সজাগ হ'লে বিজ্ঞান বিষয়ত অতিৰিক্ত পাঁচ নম্বৰ ৷ "প্লাষ্টিক মুক্ত বিদ্যালয়, প্লাষ্টিক মুক্ত ঘৰ"- এই লক্ষ্যৰে বিদ্যালয়খনে প্লাষ্টিকৰ বিৰুদ্ধে চলাই আহিছে এঘৰী যুঁজ ৷
ইতিমধ্যে বিদ্যালয়খনৰ প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰিয়ালে নিজৰ ঘৰত নাম ফলক আঁৰি প্লাষ্টিকমুক্ত কৰাৰ বাবে চলাই আহিছে বিৰল প্ৰয়াস ৷ এইক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱক সকলেও সহাৰি জনাইছে ৷ নিজৰ ঘৰলৈ অনা প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ বস্তাত ভৰাই এঠাইত জমা কৰি ৰাখিছে পৰিয়ালসমূহে ৷ উল্লেখ্য যে, যিসকল ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়ৰ নিৰ্দেশ অনুসৰি কাম কৰিছে তেওঁলোকে বিজ্ঞান বিষয়ত লাভ কৰিব অতিৰিক্ত পাঁচ নম্বৰ ৷ যি সময়ত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্লাষ্টিক বৰ্জনৰ আহ্বান জনাইছে তেনে সময়তে বাক্সাৰ মডাৰ্ণ ইংলিছ স্কুলৰ এনে ব্যতিক্ৰমী প্ৰয়াসে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে সকলোৰে ৷