বৰমা,15 অক্টোবৰঃবাক্সাৰ এগৰাকী সাহিত্যিকৰ কৰুণ কাহিনী ৷ সাহিত্যিক গৰাকীৰ নাম ৰজত জ্যোতি মজুমদাৰ ৷ তেওঁ লিখিছিল চৈধ্যখনকৈ গ্ৰন্থ কিন্তু আৰ্থিক দৈন্যতাৰ বাবে স্তব্ধ হৈ পৰিছে তেওঁ আৰু তেওঁৰ সাহিত্য ৷
বাক্সাৰ এগৰাকী সাহিত্যিকৰ কৰুণ কাহিনী - ৰজত জ্যোতি মজুমদাৰ
আৰ্থিক দৈন্যতাই স্তব্ধ কৰিছে চৈধ্যখনকৈ গ্ৰন্থ লিখা সাহিত্যিক গৰাকীৰ কলম ৷
এসময়ত বৰমাত তেওঁ আৰম্ভ কৰিছিল এখন কিতাপৰ দোকান ৷ সেই সময়ত বৰমা অঞ্চলত তেনেকৈ কোনো কিতাপৰ দোকান নাছিল ৷ সেই ঠাইত বহিয়ে মানুহজনে আৰম্ভ কৰিছিল সাহিত্যৰ সাধনা ৷ অবিভক্ত নলবাৰী জিলাৰ নমাটি গাঁওৰ ৰজত জ্যোতি মজুমদাৰে গ্ৰাহক নথকা অৱস্থাত উলিয়াই লৈছিল কাগজ কলম ৷ অসম আন্দোলনৰ দ্বাৰা অনুপ্ৰাণিত হৈ মজুমদাৰে লিখি গৈছিল এখনৰ পিচত আনখন উপন্যাস, নাটক ৷ সৃষ্টি হৈছিল 'প্ৰেম নহয় বেদনা','ৰঙীণ সপোন', 'ওঠৰ হাঁহিত ডেকাৰ মৰম', 'জোন আৰু জোনাকী', 'মধুৰ জীৱনৰ লহৰ','মাতৃভূমি'কে ধৰি চৈধ্যখনকৈ জনপ্ৰিয় উপন্যাস আৰু নাটক ৷ সমগ্ৰ অঞ্চলটোতে ৰজত জ্যোতি মজুমদাৰৰ ৰচিত উপন্যাস আৰু নাটকে সমাদৰ লাভ কৰিছিল ৷ কিন্তু যান্ত্ৰিকতাৰ পৃথিৱীত ৰজত জ্যোতি মজুমদাৰৰ ব্যৱসায় ক্ৰমান্বয়ে বেয়াৰ ফাললৈ গতি কৰিলে ৷ বৰমাত টিকিব নোৱাৰি নিজ গৃহ নমাটিলৈ গুচি আহিল মজুমদাৰ ৷ পৰিয়াল চলাব নোৱাৰি চৌদিশে কেৱল অন্ধকাৰ ৷ অৱস্থাই জুৰুলা নকৰা হ'লে হয়তো আৰু বহুতো মূল্যবান গ্ৰন্থৰ সৃষ্টি হ'লহেতেন তেওঁৰ দ্বাৰা ৷ পৰিয়াল চলাবলৈ দিন হাজিৰা কৰি অৱশেষত বাক্সা জিলাৰ কদমত'ল চ'কত আৰম্ভ কৰিছে এখন পান দোকান ৷