অৱশেষত NRC ত নাম আহিল পূৰণ বাহাদুৰ চেত্ৰীৰ - NRC assam
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম আৰু দ্বিতীয় খচৰাত মুক্তি যুঁজাৰু পৰিয়ালটোৰ নাম সন্নিৱিষ্ট নোহোৱাত চিন্তিত হৈ পৰিছিল পৰিয়ালটো । তাৰ পাচতে NRC প্ৰথম খচৰাত নাম নহাৰ কথা সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত
![অৱশেষত NRC ত নাম আহিল পূৰণ বাহাদুৰ চেত্ৰীৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-4309758-thumbnail-3x2-hhhaaa.jpg)
বাক্সা, 1 চেপ্তেম্বৰঃ অৱশেষত NRC ৰ চূড়ান্ত তালিকাত নাম আহিল বাক্সাৰ স্বাধীনতা সেনানী পূৰণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালৰ । ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰথম আৰু দ্বিতীয় খচৰাত মুক্তি যুঁজাৰু পৰিয়ালটোৰ নাম সন্নিৱিষ্ট নোহোৱাত চিন্তিত হৈ পৰিছিল পৰিয়ালটো । তাৰ পাচতে NRC প্ৰথম খচৰাত নাম নহাৰ কথা সম্প্ৰচাৰ হৈছিল ইটিভি ভাৰতত ৷ সম্প্ৰচাৰৰ পাচতে পৰিয়ালটোক লগ কৰিবলৈ আগমন ঘটে ৰথী-মহাৰথীৰ ৷ যাৰ বাবে আজাদ হিন্দু ফৌজৰ স্বাধীনতা সেনানী পুৰণ বাহাদুৰ চেত্ৰীৰ পৰিয়ালে ন্যায় পালে অন্তিম খন চূড়ান্ত এন আৰ চিৰ তালিকাত নাম প্ৰকাশ পালে বুলি পৰিয়ালৰ লোকে জানিবলৈ দিয়ে ৷