বাক্সা,1 জুলাইঃবাক্সা জিলাৰ ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ইক্ৰাজুলি দৈমাবাৰীত মটঙা নদীয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া । নদীত জাহ গৈছে বিঘাই বিঘাই কৃষি ভূমি। বিগত ১৭ বছৰ ধৰি মটঙানদীয়ে সৃষ্টি কৰি আহিছে গৰাখহনীয়াৰ ।
মটঙা নদীৰ খহনীয়াত নদীত জাহ গ'ল শ শ বিঘা কৃষি ভূমি - ইক্ৰাজুলি দৈমাবাৰী
বাক্সাৰ ইক্ৰাজুলিত মটঙা নদীৰ ব্যাপক খহনীয়াৰ ফলত নদীত জাহ গৈছে বিঘাই বিঘাই কৃষিভূমি । হাহাকাৰ কৃষকৰ মাজত ৷
![মটঙা নদীৰ খহনীয়াত নদীত জাহ গ'ল শ শ বিঘা কৃষি ভূমি মটঙা নদীয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7844422-thumbnail-3x2-baksha.jpg)
মটঙা নদীয়ে সৃষ্টি কৰিছে ব্যাপক গৰাখহনীয়া
মটঙা নদীৰ খহনীয়াত নদীত জাহ গ'ল শ শ বিঘা কৃষি ভূমি
স্থানীয় বাসিন্দাসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া অনুসৰি মটঙানদীৰ গৰাখহনীয়াৰ ফলত বিগত ১৭ বছৰত প্ৰায় পাচশ বিঘা কৃষি ভূমি নদীত জাহ গৈছে । গৰাখহনীয়া স্থলীত কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱ কুমাৰ শৰণীয়া,২৭ নং নাগ্ৰীজুলি বিটিচি পৰিষদীয় সমষ্টিৰ এমচিএল এ ধৰ্মনাৰায়ণ দাসে পৰিদৰ্শন কৰিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি ৰাইজে অভিযোগ কৰিছে ৷
একদৰে স্থানীয় বিধায়ক ইমানুৱেল মুছাহাৰীকো বহুবাৰ কাকতি মিনতি কৰাৰ পিছতো গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় লোকসকলে ।