অসম

assam

ETV Bharat / state

মূল্যবৃদ্ধিঃ গোৰেশ্বৰত কৃষক মুক্তি-ছাত্ৰ মুক্তিৰ প্ৰতিবাদ - baksha

ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে গোৰেশ্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

baksha-kmss-protest
মূল্যবৃদ্ধিঃ গোৰেশ্বৰত কৃষক মুক্তি-ছাত্ৰমুক্তিৰ প্ৰতিবাদ

By

Published : Nov 4, 2020, 5:21 PM IST

বাক্সা, 4 নৱেম্বৰ :ৰাজ্যজুৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধেৰাজ্যজুৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বুধবাৰে গোৰেশ্বৰত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ গোৰেশ্বৰ আঞ্চলিক সমিতিয়ে মূল্যবৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৷

মূল্যবৃদ্ধিঃ গোৰেশ্বৰত কৃষক মুক্তি-ছাত্ৰমুক্তিৰ প্ৰতিবাদ

প্ৰতিবাদকাৰী সকলে অসম চৰকাৰৰ যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ । অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ’ বেক, সৰ্বা-হিমন্ত হায় হায়, মুল্যবৃদ্ধি ৰোধ কৰক আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলাৰ লগতে পিয়াঁজৰ মাল পিন্ধি এসময়ত মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিজেপি নেতা নিমাত কিয় বুলি প্ৰশ্ন কৰে সংগঠন দুটাই ৷
লগতে পঢ়ক: অপৰাধীক কৰায়ত্ব কৰাৰ বাবে কৰিমগঞ্জত আৰক্ষীক সময় বান্ধি দিলে ৰাইজে

ABOUT THE AUTHOR

...view details