অসম

assam

ETV Bharat / state

বাক্সাত গুৰ প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰা এটি পৰিয়াল - Kauli gud making buisness

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তবৰ্তী কাউলীৰ নাৰায়ণপুৰৰ গাঁৱত আজিও প্ৰস্তুত কৰা হয় গুৰ ৷ অঞ্চলটোৰ ৰাজকুমাৰ বিশ্বাস নামৰ লোকজনে নিজেই কুঁহিয়াৰ খেতি কৰি তাৰ পৰা গুৰ প্ৰস্তুত কৰি পৰিয়াল পোহপাল দি আহিছে ৷

Baksha Gud making buisness
বক্সাত গুৰ প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰা এটি পৰিয়াল

By

Published : Jan 12, 2020, 2:19 PM IST

বাক্সা, 12 জানুৱাৰীঃ বংশানুক্ৰমে চলি অহা কুঁহিয়াৰৰ পৰা প্ৰস্তুত কৰা গুৰৰ ব্যৱসায় ক্ৰমাৎ বন্ধ হ’বলৈ ধৰিছে ৷ এটা সময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ মানুহে ঘৰে ঘৰে কুঁহিয়াৰৰ খেতি কৰিছিল আৰু কুঁহিয়াৰ পেৰী তাৰ পৰা গুৰ প্ৰস্তুত কৰি পৰিয়াল পোহপাল দিছিল ৷ বৰ্তমান সময়ত বাৰিষাৰ সময়ছোৱাত বানপানীৰ সমস্যাৰ লগতে প্ৰতিদিনে বন্যহস্তীৰ সন্ত্ৰাসৰ ফলত কুঁহিয়াৰৰ খেতি প্ৰায় নাইকীয়া হৈ পৰিল ৷ কিন্তু বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তবৰ্তী কাউলীৰ নাৰায়ণপুৰৰ গাঁৱত আজিও প্ৰস্তুত কৰা হয় গুৰ ৷ অঞ্চলটোৰ ৰাজকুমাৰ বিশ্বাস নামৰ লোকজনে নিজেই কুঁহিয়াৰ খেতি কৰি তাৰ পৰা গুৰ প্ৰস্তুত কৰি পৰিয়াল পোহপাল দি আহিছে ৷

গুৰ প্ৰস্তুত কৰি জীৱিকা নিৰ্বাহ কৰা এটি পৰিয়াল

উল্লেখ্য যে, পূৰ্বতে এই অঞ্চলটোত প্ৰতিটো পৰিয়ালেই এই ব্যৱসায়ত জড়িত আছিল ৷ কিন্তু সঘনাই হোৱা বন্যহস্তীৰ উপদ্ৰৱৰ বাবেই অঞ্চলটোৰ লোকসকলে এই খেতি এৰিবলৈ বাধ্য হৈ পৰে ৷ ফলত এতিয়া কাউলীৰ নাৰায়ণপুৰ গাওঁত ৰাজকুমাৰ বিশ্বাস পৰিয়াল আৰু বীৰেন্দ্ৰ দাসৰ পৰিয়ালহে কুহিয়াৰৰ পৰা গুৰ প্ৰস্তুত কৰি মাঘ বিহু আৰু বহাগ বিহুত বজাৰ বিক্ৰী কৰে । ব্যৱসায়ীসকলে গুৰ দুই প্ৰকাৰৰ প্ৰস্তুত কৰে জুলীয়া আৰু গোটা । দুইবিধ গুৰে প্ৰতি কিলোত ৬০ টকাকৈ বজাৰত বিক্ৰী কৰে বুলি জানিব দিয়ে ৰাজকুমাৰ বিশ্বাসে ৷

লগতে পঢ়ক-ভোগালী বিহুত দৈৰ সোৱাদ বিলাবলৈ সাজু দুগ্ধ নগৰী সৰভোগ আৰু আমগুৰি

ABOUT THE AUTHOR

...view details