বৰমা, ১৯ নৱেম্বৰ: বিটিচি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দল সমূহৰ মাজত আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ প্ৰতিটো ৰাজনৈতিক দলে অব্যাহত ৰাখিছে নিজ নিজ প্ৰচাৰ অভিযান ৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ ২৩নং দিহিৰা পৰিষদীয় সমষ্টিৰ জি এচ পি প্ৰাৰ্থী ঘনশ্যাম দাসে সহস্ৰাধিক সমৰ্থকক লগত লৈ সমষ্টিত এক বিশাল বাইক ৰেলী উলিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰে ৷
বি টি চি নিৰ্বাচনৰ ৰণডংকা : ঘনশ্যাম দাসৰ বিশাল বাইক ৰেলী - মুছলপুৰৰ অহোপা খেলপথাৰ
বি টি চি নিৰ্বাচনৰ ৰণডংকা ৷ বৃহস্পতিবাৰে বাক্সা জিলাৰ ২৩ নং দিহিৰা পৰিষদীয় সমষ্টিৰ জি এচ পি প্ৰাৰ্থী ঘনশ্যাম দাসে সহস্ৰাধিক সমৰ্থকক লগত লৈ সমষ্টিত এক বিশাল বাইক ৰেলী উলিয়াই নিজৰ শক্তি প্ৰদৰ্শন কৰে ৷
সমষ্টিটোৰ মুছলপুৰৰ অহোপা খেলপথাৰৰ পৰা আৰম্ভ কৰা বাইক ৰেলীয়ে সমগ্ৰ সমষ্টিটো পৰিভ্ৰমন কৰি শক্তি প্ৰদৰ্শন কৰে ৷ অবড়ো সুৰক্ষা সমিতিৰ সমৰ্থিত প্ৰাৰ্থী ঘনশ্যাম দাসৰ দখলত থকা সমষ্টিটো পুনৰ নিজৰ দখলতেই থাকিব বুলিও সদৰি কৰে ৷ প্ৰাৰ্থী ঘনশ্যাম দাসে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰি কয় যে,সমষ্টিটোত দ্বিতীয় বা তৃতীয় কোনোবা থাকিব কিন্তু তেওঁৰ সৈতে প্ৰতিদ্বন্দিতা কৰিব পৰা প্ৰাৰ্থী কোনো নাথাকিব ৷ কাৰণ দীৰ্ঘদিন ধৰি তেওঁক সমষ্টিটোৰ ভোটাৰ ৰাইজে বুজি পাইছে ৷ গতিকে পুনৰ বাৰ তেৱেই জয়লাভ কৰিব ৷