অসম

assam

ETV Bharat / state

বাক্সাৰ কাউলীত 7 টা কেঁকো সাপ উদ্ধাৰ - গোপাল মজুমদাৰ

কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাউলিৰ তৰুণ গাঁৱৰ গোপাল মজুমদাৰ নামৰ লোক জনৰ ঘৰৰ পৰা উদ্ধাৰ হয় সাতটা কৈ কেঁকো সাপ৷

বাক্সাত ক্ৰমাত বৃদ্ধি পাইছে চোৰাং চিকাৰীৰ প্ৰকোপ

By

Published : Sep 5, 2019, 10:45 AM IST

বাক্সা, 5 চেপ্তেম্বৰঃ বাক্সাত ক্ৰমাত বৃদ্ধি পাইছে চোৰাং চিকাৰীৰ প্ৰকোপ৷ বুধবাৰে সাতটাকৈ কেকো সাপ উদ্ধাৰৰ পিচতে পোহৰলৈ আহে চোৰাং চিকাৰীৰ কথা ৷ বুধবাৰে বাক্সা জিলাৰ কুমাৰীকাটা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত কাউলিৰ তৰুণ গাঁৱৰ গোপাল মজুমদাৰ নামৰ লোক জনৰ ঘৰৰ পৰা উদ্ধাৰ হয় সাতটা কৈ কেঁকো সাপ৷ গোপন সুত্ৰৰ পম খেদি বন বিভাগ আৰু ২৪ নং এছ এছ বিয়ে যৌথ ভাৱে অভিযান চলোৱা অভিযআনত কাউলিৰ পৰা কেঁকোসাপ কেইটা উদ্ধাৰ কৰে৷ বন বিভাগৰ লোকে জানিবলৈ দিয়া মতে কাউলি তৰুণ গাঁৱৰ পৰিয়ালটোৰ বিচনাৰ তলৰ পৰা কেঁকো সাপ কেইটা উদ্ধাৰ কৰি বন বিভাগৰ কাৰ্যালয়লৈ আনে

বাক্সাৰ কাউলীত 7 টা কেঁকো সাপ উদ্ধাৰ

অৱশ্যে বন বিভাগ আৰু এছ এছ বিৰ অভিযানৰ উমান পাই চোৰাং চিকাৰী গোপাল মজুমদাৰ পলাই যাবলৈ সক্ষম হয়৷ বৃহস্পতিবাৰে বন বিভাগৰ ফালৰ পৰা অভিযুক্ত গোপাল মজুমদাৰৰ বিৰুদ্ধে কুমাৰীকাটা আৰক্ষী চকীত এজাহাৰ দাখিল কৰে । সম্প্ৰতি কেঁকো সাপ কেইটা বন বিভাগৰ কাৰ্যালয়তে আছে ৷

ABOUT THE AUTHOR

...view details