অসম

assam

By

Published : Apr 29, 2020, 10:09 AM IST

ETV Bharat / state

সুদত টকা লৈ খেতি কৰা কৃষকৰ হাহাকাৰ পৰিস্থিতি !

খেতি পথাৰৰ লগতে ঘৰৰ ভিতৰত ২০০ কুইন্টলতকৈ অধিক ৰঙালাও দমে দমে পৰি ৰৈছে । যাৰ ফলত উপযুক্ত বজাৰ লাভ নকৰি তিনি ৰঙালাওৰ কৃষক এতিয়া চিন্তিত হৈ পৰিছে ।

baksha farmer facing problems because of lock down
বাক্সাত কৃষকক জীয়াতু ভোগাইছে এমাহ অতিক্ৰম কৰা লক্​ ডাউনে

বাক্সা,29 এপ্ৰিলঃ লক্​ ডাউনৰ বাবে সমস্যাৰ সন্মুখীন হৈছে দেশৰ তথা ৰাজ্যৰ কৃষক সমাজ ৷ সাম্প্ৰতিক সময়ত ঋণ লৈ ৰবি শস্য কৰা কৃষক সকলৰ মাজত হাহাকাৰ পৰিস্থিতি সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

বাক্সা জিলাৰ বিটিচিৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বগলামাৰী গাঁৱৰ কৃষকৰ মাজত এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গাঁওখনৰ তিনি নিবনুৱা যুৱক মনেশ্বৰ খাখলাৰী, বীৰমল বড়ো আৰু ৰাতুল বড়োৱে দুটা ব্যক্তিগত প্ৰতিস্থানৰ পৰা ৪% আৰু ৫% সুদত কেইবা হাজাৰ টকাৰ ঋণ লৈ ২৩ বিঘা মাটিত ৰঙালাওৰ খেতি কৰিছিল ৷ কিন্তু বিশ্বৰ সাম্প্ৰতিক পৰিস্থিতিৰ বাবে তিনি নিবনুৱা যুৱকে উৎপাদন কৰা বৃহৎ পৰিমাণৰ ৰঙালাও এতিয়া বিক্ৰী কৰিব নোৱাৰি চিন্তিত হৈ পৰিছে । খেতি পথাৰৰ লগতে ঘৰৰ ভিতৰত ২০০ কুইন্টলতকৈ অধিক ৰঙালাও দমে দমে পৰি ৰৈছে । যাৰ ফলত উপযুক্ত বজাৰ লাভ নকৰি তিনি ৰঙালাওৰ কৃষক এতিয়া চিন্তিত হৈ পৰিছে ।

বাক্সাত কৃষকক জীয়াতু ভোগাইছে এমাহ অতিক্ৰম কৰা লক্​ ডাউনে

লগতে পঢ়কঃমুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কি কি পৰামৰ্শ আগবঢ়ালে ৰাজ্যৰ 29 গৰাকী অৰ্থনীতিবিদে ?

ABOUT THE AUTHOR

...view details