অসম

assam

ETV Bharat / state

আপুনি সহায় কৰিলে মুখৰ মাত ঘূৰাই পাব কণমানি জনীতে - জনীৎ দে

এবছৰৰ পূৰ্ৱে বসন্ত ৰোগত আক্ৰান্ত হৈ মুখৰ মাত আৰু শ্ৰৱণ শক্তি হেৰুৱাই পেলোৱা জনীতক চিকিৎসাৰ বাবে প্ৰয়োজন হৈছে 18 লাখ টকাৰ ৷ জনীতক সহায়ৰ বাবে যোগাযোগ কৰক ৯১০১৯৫৫১৪৫ নম্বৰত ৷

BAKSHA FAMILY NEED HELP

By

Published : Aug 27, 2019, 7:11 PM IST

Updated : Aug 27, 2019, 8:42 PM IST

বাক্সা, 27 আগষ্টঃ এটি মৰমলগা কণমানি ৷ নাম জনীৎ দে ৷ কিন্তু বাক্সাৰ কাউলীৰ চন্দ্ৰ নগৰৰ জনীৎ দে নামৰ এই মৰমলগা কণমানিটোৰ জীৱনৰ সকলো সুখ এবছৰৰ পূৰ্ৱে কাঢ়ি নিলে নিয়তিয়ে ৷ কাৰণ বিগত এবছৰৰ পৰা কাণেৰে নুশুনে আৰু মুখেৰে মাতিব নোৱাৰে জনীতে ৷

এবছৰৰ পূৰ্ৱে বাক্সা জিলাৰ কাউলী শংকৰদেৱ শিশু নিকেতনত পঢ়ি থকা আৱস্থাত বসন্ত ৰোগত আক্ৰান্ত হৈছিল জনিৎ ৷ আৰু তেতিয়াৰ পৰাই মুখৰ মাতৰ লগতে শ্ৰৱণ শক্তিও হেৰুৱাই পেলালে জনিৎ দে নামৰ মৰমলগা কণমাণিটোৱে ৷

BAKSHA FAMILY NEED HELP

প্ৰথম অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি 60 হাজাৰ টকাৰে এটা 'এয়াৰ মেচিন' সংস্থাপন কৰা হৈছিল যদিও কোনো সুফল নাপালে ৷ পৰৱৰ্তী সময়ত দিল্লীস্থিত এপলো হাস্পতালত চিকিৎসকে এটা অত্যাধুনিক 'ইম্প্লেন অস্ত্ৰোপচাৰ'ৰ পৰামৰ্শ দিছিল ৷ কিন্তু, উক্ত অস্ত্ৰোপচাৰৰ বাবে প্ৰয়োজন হোৱা 18 লাখ টকা যোগাৰ কৰিবলৈ অপৰাগ জনীতৰ দৰিদ্ৰ পিতৃ-মাতৃ৷

জনীতৰ পিতৃ যোগেন দে পেছাত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী ৷ বজাৰে-বজাৰে চিণ্ডেলৰ দোকান দি কোনোমতে পৰিয়াল পোহপাল দি আছে যোগেন দেয়ে ৷ তেনেস্থলত দৰিদ্ৰ পিতৃৰ বাবে পুত্ৰৰ চিকিৎসাৰ কৰাবলৈ প্ৰয়োজন হোৱা 18 লাখ টকা যোগাৰ কৰাটো অসম্ভৱ হৈ পৰিছে ৷ সেয়ে, ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ লগতে সদাশয় ব্যক্তিৰ পৰা পুত্ৰৰ চিকিৎসাৰ বাবে সহায় বিচাৰিছে দৰিদ্ৰ পিতৃয়ে ৷ এই ক্ষেত্ৰত যদিহে কোনো হৃদয়বান লোকে আৰ্থিকভাৱে সহায় কৰিব বিচাৰে তেন্তে ৯১০১৯৫৫১৪৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ।

Last Updated : Aug 27, 2019, 8:42 PM IST

ABOUT THE AUTHOR

...view details