বাক্সা, 14 জুলাইঃবাক্সা তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৰ নাগ্ৰিজুলী উন্নয়ণ খণ্ডৰ অধীনস্থ ২ নম্বৰ ডোঙাৰ গাঁৱৰ বানক্ৰান্ত লোক সকলৰ মাজত আজি খাদ্য সামগ্ৰী বিতৰণ কৰে তামুলপুৰৰ বিশিষ্ট সমাজ কৰ্মী মীৰজান আলীয়ে ৷ আজি দিনৰ ভাগত সমাজ কৰ্মী মীৰজান আলিয়ে ২ নম্বৰ ডোঙাৰ গাঁৱত উপস্থিত হৈ ভূটান পাহাৰৰ পৰা বৈ অহা বৰনদীৰ বানত সৰ্বস্বান্ত হোৱা ৫০ টা পৰিয়ালৰ মাজত চাউল,চিৰা,চেনি,বিস্কুট আদি খাদ্য সামগ্ৰী বিতৰণ কৰে ৷
তামুলপুৰৰ ডোঙাৰ গাঁৱত বানাক্ৰান্তৰ মাজত সাহাৰ্য বিতৰণ - বৰনদী
গাঁওখনৰ মাজেৰে সুঁতি সলাই বৰনদী বৈ যোৱাত ইতিমধ্য বহু পৰিয়ালৰ বিঘাই বিঘাই আহু ধানৰ খেতি নৈৰ বুকুত যাহ যোৱাৰ লগতে বাৰীৰ তামোল-নাৰিকলকে ধৰি বহু মূল্যৱান গছ গছনিও যাহ যায় ৷
উল্লেখ্য যে শেহতীয়া বানত ভূটান পাহাৰৰ পৰা হৈ অহা খৰস্ৰোতা বৰনদীৰ প্ৰৱল সোঁতে সোঁত সলাই ২ নম্বৰ ডোঙাৰ গাঁৱৰ এটা মুৰেৰে বৈ যোৱাত গাঁওখনৰ ১৬ টাকৈ পৰিয়াল ঘৰদুৱাৰ নৈৰ বুকুত যাহ যোৱাৰ লগতে আন কেবাটাও পৰিয়াল ক্ষতি গ্ৰস্ত হয় ৷ বহু পৰিয়ালে নিজৰ সপোনৰ ঘৰ দুৱাৰ ভাঙি আন ঠাইত গৈ আশ্ৰয় ল'ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ গাঁওখনৰ মাজেৰে সুঁতি সলাই বৰনদী বৈ যোৱাত ইতিমধ্য বহু পৰিয়ালৰ বিঘাই বিঘাই আহু ধানৰ খেতি নৈৰ বুকুত যাহ যোৱাৰ লগতে বাৰীৰ তামোল-নাৰিকলকে ধৰি বহু মূল্যৱান গছ গছনিও যাহ যায় ৷