বাক্সা, 19 নৱেম্বৰ : বাক্সা জিলাৰ তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উলুবাৰীত বৃহস্পতিবাৰে এখন টাটা ডি.আই গাড়ীৰ চালকৰ পৰা দূৰ্বৃত্তই এক লাখ টকা লুটি নিয়া ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
তামলপুৰত চাঞ্চল্য়কৰ ডকাইতি কাণ্ডঃ আটক 1 - বাহাৰুল হাৰ্ডৱেৰ
তামুলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত উলুবাৰীত সংঘটিত হৈছে চাঞ্চল্য়কৰ ডকাইতি কাণ্ড ৷ উলুবাৰী চ'কৰ ওচৰত এটুকুৰা নিৰ্জন ঠাইত এখন চাৰিচকীয়া বাহনেৰে আহি চাৰি-পাঁচ জনীয়া দূৰ্বৃত্তৰ দলে টাটা ডি আই গাড়ীক আগভেটি ধৰি চালকৰ পৰা এক লাখ টকা লুটি লৈ যায় ৷
জানিব পৰা মতে,কামৰূপ জিলাৰ তুলসীবাৰীৰ হুছেইন হাৰ্ডৱেৰ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ পৰা এ.এছ ২৫ বি.চি ৩৬৮৩ নম্বৰৰ টাটা ডি আই বাহনেৰে আঢ়ৈ টন লোহাৰ ৰড বাক্সা জিলাৰ কুমাৰীকাটালৈ আনিছিল ৷ ৰডখিনি কুমাৰীকাটাৰ বাহাৰুল হাৰ্ডৱেৰত নমাই টাটা ডি আই খনৰ চালক জাকিৰ আলীয়ে কুমাৰীকাটাৰ বাহাৰুল ইছলামৰ পৰা নগদ এক লাখ টকা আদায় লৈছিল। টকা খিনি আদায় লৈ জাকিৰে ভূটান-তামুলপুৰ-ৰঙিয়া পথেৰে তুলসীবাৰীলৈ আহি থকা অৱস্থাত পথটোৰ উলুবাৰী চ'কৰ ওচৰত এটুকুৰা নিৰ্জন ঠাইত এখন চাৰিচকীয়া বাহনেৰে আহি চাৰি-পাঁচ জনীয়া দূৰ্বৃত্তৰ দলে টাটা ডি আই গাড়ীখন আগভেটি ধৰে ৷ দূৰ্বৃত্তই চালক জাকিৰক মাৰধৰ কৰি পিষ্টল দেখুৱাই এক লাখ টকা লুটি চাৰি চকীয়া বাহনখনৰে ৰঙিয়া দিশে পলাই যোৱাৰ অভিযোগ উত্থাপন হৈছে । উপায়হীন চালক জাকিৰে পিছত ডি আই গাড়ীসহ তামুলপুৰ আৰক্ষী থানাত উপস্থিত হৈ ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰে। চালক জনে লগে লগে আৰক্ষীক ধন লুট কৰা চাৰিচকীয়া বাহন খনৰ নম্বৰ অৱগত কৰে।
ইতিমধ্যে ঘটনা সন্দৰ্ভত খুৰছেদ আলীয়ে তামুলপুৰ আৰক্ষী থানাত এখন এজাহাৰো দাখিল কৰে। উক্ত এজাহাৰৰ ভিত্তিত তামুলপুৰ আৰক্ষীৰ এটা দলে অভিযান চলাই অতি তৎপৰতাৰে তুলসীবাৰীৰ পৰা ধন লুট কৰা কাৰ্যত ব্যৱহৃত হোৱা এ এছ ২৫ জে ৮৫১৬ নম্বৰৰ চাৰিচকীয়া কুইড বাহন খন জব্দ কৰাৰ লগতে বাহনখনৰ চালক ছাদ্দাম আলীক আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে অন্য দুস্কৃতিকাৰী কেইটাক বিচাৰি অভিযান অব্যাহত ৰাখিছে।
লগতে পঢ়ক: বৰঙাবাৰীত হিমন্ত বিশ্ব শৰ্মাই স্থাপন কৰিব নাৰ্চিং বিদ্যালয়ৰ আধাৰশিলা