তামুলপুৰ, 14 আগষ্টঃতামুলপুৰ মহকুমাৰ অন্তৰ্গত বাঙালীপাৰা গাঁৱৰ ৰাজু নেৱাৰৰ পুত্ৰ ঠাকুৰ নেৱাৰৰ মৃতদেহ উদ্ধাৰ ৷ বাঙালীপাৰা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ আছিল ঠাকুৰ নেৱাৰ ৷ নদীত গা ধুবলৈ গৈ দেওবাৰৰ পৰা সন্ধানহীন হৈ আছিল ছাত্ৰজন ৷ অৱশেষত মঙলবাৰে গোৰেশ্বৰৰ নিজকোছোলা গাঁৱৰ পুঠিমাৰী নৈৰ ঘাটত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে ছাত্ৰজনৰ মৃতদেহ ।
উদ্ধাৰ হ'ল ঠাকুৰ নেৱাৰৰ মৃতদেহ ! গা ধুবলৈ গৈ সন্ধানহীন হৈছিল দশম শ্ৰেণীৰ ছাত্ৰগৰাকী - বাঙালীপাৰা
উদ্ধাৰ হ'ল দেওবাৰৰ পৰা সন্ধানহীন হৈ থকা বাঙালীপাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্র ঠাকুৰ নেৱাৰৰ মৃতদেহ ৷ ঘটনাস্থলীৰ পৰা প্ৰায় 10 কিলোমিটাৰ আঁতৰত উদ্ধাৰ ঠাকুৰ নেৱাৰৰ
উদ্ধাৰ হ'ল ঠাকুৰ নেৱাৰৰ মৃতদেহ !
দহজনীয়া বন্ধুৰ সৈতে গা ধুবলৈ আহিছিল যদিও নৈৰ প্ৰবাল সোঁতত উটি গৈছিল ঠাকুৰ নেৱাৰ । স্থানীয় ৰাইজৰ লগতে এছ ডি আৰ এফ বাহিনীয়ে উদ্ধাৰ অভিযান চলাইছিল যদিও উদ্ধাৰ কৰিব পৰা নাছিল ছাত্রজনক ৷ পিচত মঙলবাৰে দুপৰীয়া নিজকোছোলা গাঁৱৰ ৰাইজে প্ৰত্যক্ষ কৰি খবৰ দিয়াত পৰিয়ালৰ লোক আহি মৃতদেহটো ঠাকুৰ নেৱাৰৰ বুলি চিনাক্ত কৰে।