অসম

assam

ETV Bharat / state

বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ সাত বছৰীয়া শিশুৰ কৰুণ মৃত্যু - কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়

ধুমুহাৰ পিছত ছিঙি পৰি থকা বিদ্যুতৰ তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ সাত বছৰীয়া শিশুৰ কৰুণ মৃত্যু ৷ বাক্সা জিলাৰ নাগ্ৰীজুলিৰ কাউলীত সংঘটিত হৈছে এই ঘটনা ৷ এই ঘটনাৰ পাছতে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

baksha-child-death
বাক্সাত বিদ্যুৎস্পৃষ্ট হৈ সাত বছৰীয়া শিশুৰ কৰুণ মৃত্যু

By

Published : Apr 29, 2021, 10:20 PM IST

বাক্সা, ২৯ এপ্ৰিল: বাক্সা জিলাৰ নাগ্ৰীজুলিৰ কাউলীত ধুমুহাৰ পিছত ছিঙি পৰি থকা বিদ্যুতৰ তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ সাত বছৰীয়া শিশুৰ কৰুণ মৃত্যু ৷ বিদ্যুৎ বিভাগৰ চৰম হেমাহীৰ ফলতে শিশুটিৰ কৰুণ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হৈছে ।

মঙলবাৰে নিশা হোৱা ধুমুহাৰ পিছত ছিঙি পৰি থকা তাঁৰত লাগি বুধবাৰে সন্ধিয়াৰ ভাগত মৃত্যুক আঁকোৱালি লয় অঞ্চলটোৰ ৰবি মণ্ডলৰ ৭ বছৰীয়া পুত্ৰ প্ৰশান্ত মণ্ডলে । প্ৰথম অৱস্থাত তাঁৰ কেইডালত বিদ্যুৎ প্ৰবাহ হোৱা নাছিল যদিও বিদ্যুৎ বিভাগে হঠাৎ বিদ্যুৎ প্ৰবাহ চালিত কৰাত খেলি থকা অৱস্থাতে সাত বছৰীয়া প্ৰশান্ত মণ্ডল বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰ ভাৱে আহত হয় । দুৰ্ঘটনাৰ পাছতে শিশুটিক অঞ্চলটোৰ লোকে ততাতৈয়াকৈ কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে । এই ঘটনাৰ পাছতে বিদ্যুৎ বিভাগৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে স্থানীয় ৰাইজ ৷

লগতে পঢ়ক: মাণিকপুৰত উপস্থিত ডিআইজি দীলিপ কুমাৰ দে

ABOUT THE AUTHOR

...view details