অসম

assam

ETV Bharat / state

বাক্সাৰ তামুলপুৰত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যনিবাহ সভা

সভাত উপস্থিত থাকে বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰ তথা বাক্সা জিলা প্ৰভাৰী জয়ন্ত কুমাৰ দাস, বিজেপিৰ ৰাজ্যিক সম্পাদক শিৱনাথ ব্ৰহ্ম লগতে বাক্সা জিলাৰ সভাপতি ৰাম দাহাল ৷

By

Published : Aug 25, 2019, 9:07 PM IST

বাক্সাৰ তামুলপুৰত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যনিবাহ সভা

বাক্সা, 25 আগষ্টঃ আগন্তক বিটিএডিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে বিজেপি দলৰ সদস্য ভৰ্তীৰ বাবে দেওবাৰে দিনৰ ১:৩০ বজাত বাক্সা জিলাৰ তামুলপুৰ বিদ্যা নিকেতনত এখন কাৰ্যনিৰ্বাহ সভা অনুষ্ঠিত কৰা হয় । সভাত উপস্থিত থাকে বিজেপি দলৰ ৰাজ্যিক মুখপাত্ৰ তথা বাক্সা জিলা প্ৰভাৰী জয়ন্ত কুমাৰ দাস , বিজেপিৰ ৰাজ্যিক সম্পাদক শিৱনাথ ব্ৰহ্ম লগতে বাক্সা জিলাৰ সভাপতি ৰাম দাহাল ৷ সভাত উপস্থিত থাকি সাংবাদিক সকলক সম্বোধন কৰি ৰাজ্যিক মুখপাত্ৰ তথা বাক্সা জিলা প্ৰভাৰী জয়ন্ত কুমাৰ দাসে কয় যে আগন্তুক বিটিএডি পৰিষদীয় নিৰ্বাচনৰ বাবে আগন্তুক ৭ ছেপ্টেম্বৰলৈ সাধাৰণ সদস্য ভৰ্তী অভিযান আৰম্ভ হৈছে । তাৰ বাবে বিটিএডি অন্তৰ্গত প্ৰতিটো পৰিষদীয় সমষ্টিত একোজনকৈ বিজেপি দলৰ অধ্যক্ষ নিয়োগ কৰা হৈছে আৰু বৰ্তমান লৈকে বাক্সা জিলাত বিজেপি দলত ১৬ হাজাৰ সদস্য আছে বুলি সদৰী কৰে । জিলা খনৰ পৰা ৫ হাজাৰ বিশিষ্ট সাহিত্যিক, লেখক, বুদ্ধিজীৱী আৰু লগতে জিলা খনত সৰ্বমুঠ ৪০ হাজাৰ সদস্য ভূৰ্তীৰ বাবে অভিযান আৰম্ভ । সেয়ে ইতিমধ্যে প্ৰতিখন জিলাতে কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিছে বুলি জানিবলৈ দিয়ে ।

বাক্সাৰ তামুলপুৰত ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যনিবাহ সভা

ABOUT THE AUTHOR

...view details