অসম

assam

ETV Bharat / state

বিটিচি নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবঃ ৰঞ্জিত দাস

বিটিচিত বিজেপিৰ প্ৰতি ৰাইজৰ উৎসাহ দেখি আমি আপ্লুত হৈছো ৷ বিজেপি দলে মাত্ৰ ২৬ টা সমষ্টিতহে প্ৰাৰ্থীত্ব দিছে ৷ কিন্তু শেহতীয়াভাবে বিজেপিৰ প্ৰতি ৰাইজৰ যি বিপুল সমৰ্থন দেখিছো, এই কথা আগতে জনা হ’লে আমি ৪০ টা সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰিলো হেতেন বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ৰঞ্জিত দাসে ৷

baksha bjp metting joining ranjit das
বিটিচি নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবঃ ৰঞ্জিত দাস

By

Published : Nov 3, 2020, 7:57 PM IST

বৰমা, 3 নবেম্বৰঃ বিটিচি ৰাইজে এইবাৰ বিটিচি পৰিষদ বিজেপিৰ হাতলৈ যোৱাতো বিচাৰিছে ৷ এই দৰে মঙলবাৰে মুছলপুৰত বিজেপিৰ দলীয় সভাত ভাষণ প্ৰদান কৰি কয় বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ৷

সভাপতি গৰাকীয়ে লগতে কয় যে, বিটিচিত বিজেপিৰ প্ৰতি ৰাইজৰ উৎসাহ দেখি আমি আপ্লুত হৈছো ৷ বিজেপি দলে মাত্ৰ ২৬ টা সমষ্টিতহে প্ৰাৰ্থীত্ব দিছে ৷ কিন্তু শেহতীয়াভাবে বিজেপিৰ প্ৰতি ৰাইজৰ যি বিপুল সমৰ্থন দেখিছো এই কথা আগতে জনা হলে আমি ৪০ টা সমষ্টিতে প্ৰাৰ্থী প্ৰদান কৰিলো হেতেন বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে ৰঞ্জিত দাসে ৷

বিটিচি নিৰ্বাচনত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবঃ ৰঞ্জিত দাস

আনপিনে বিজিপি আৰু বিপিএফঅৰ মিত্ৰতা সম্পৰ্কত তেওঁ কয় যে, বিপিএফ আৰু বিজেপিৰ মিত্ৰতা বিধানসভা নিৰ্বাচনতহে হৈছে ৷ পৰিষদীয় নিৰ্বাচনত কোনো মিত্ৰতা নাই বুলি স্পষ্ট কৰি দিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে ৷ ৰঞ্জিত দাসৰ লগত সভাত অংশ গ্ৰহণ কৰে মন্ত্ৰী ভবেশ কলিতা, প্ৰাক্তন মন্ত্ৰী ৰেখা ৰাণী দাস বড়োৰ লগতে বিজেপিৰ প্ৰভাৰী সকল ৷

লগতে পঢ়কঃ চিৰাঙত আৰক্ষীৰ জালত গাঞ্জা সৰবৰাহকাৰী

ABOUT THE AUTHOR

...view details