বৰমা, 8 জুনঃলক ডাউনৰ সময়চোৱাত ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড নথকা লোকসকলক সহায় কৰাৰ বাবে বিভিন্ন আঁচনি ৰূপায়ণ কৰিছে যদিও বাক্সাত এই আঁচনি ৰূপায়ণত সংঘটিত হৈছে ব্যাপক অনিয়ম ৷ যাৰ বাবে বঞ্চিত লোকসকল ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈছে ৷
প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত বাক্সাৰ বিটপাৰৰ ৰাইজৰ - baksha bitpara people
ৰাজ্য চৰকাৰে ৰেচন কাৰ্ড নথকা লোকসকলক সহায় কৰাৰ বাবে ৰূপায়ণ কৰিছে বিভিন্ন আঁচনি কিন্তু ঠায়ে ঠায়ে অনিয়ম সংঘটিত হৈছে আঁচনি ৰূপায়নৰ ক্ষেত্ৰত ৷ এই অভিযওগ আমাৰ নহয়, ৰাইজৰ ৷ চৰকাৰী বিনামূলীয়া চাউল লাভৰ পৰা বঞ্চিত বাক্সাৰ বিটপাৰৰ ৰাইজ ৷ যাৰ বাবে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে বঞ্চিত লোকসকলে ৷
প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত বাক্সাৰ বিটপাৰৰ ৰাইজৰ
প্ৰাপ্য অধিকাৰ বিচাৰি প্ৰতিবাদ সাব্যস্ত বাক্সাৰ বিটপাৰৰ ৰাইজৰ
অভিযোগ অনুসৰি বাগানপাৰা পৰিষদীয় সমষ্টিৰ নৱস্তি প্ৰাথমিক বিপিএফৰ সদস্য পূষন বাহাদুৰ চেত্ৰীয়ে সম্পূৰ্ণ মইমতালিৰে একাংশ লোকক বঞ্চিত কৰি হিতাধিকাৰীৰ তালিকা দাখিল কৰিছিল ৷ লগতে গাঁওবুঢ়া লালমোহন বড়োৰ অমনোযোগিতাৰ বাবে গাঁওবাসী বঞ্চিত হৈছে ৷ আনহাতে বিষয়টো স্থানীয় প্ৰাক্তন এম চি এল এ ফলীন্দ্ৰ বসুমতাৰীক অৱগত কৰিবলৈ যাওঁতে প্ৰাক্তন এম চি এল এ গৰাকীয়ে ৰাইজক দুৰ্ব্যৱহাৰ কৰা বুলিও অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷
লগতে পঢ়কঃ বান পানীয়ে জুৰুলা কৰিছে বৰপেটাৰ বহু খেতিয়কক
TAGGED:
baksha bitpara people