বৰমা, ২৩ নবেম্বৰঃবাক্সা জিলাৰ ২২ নং কোকলাবাৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত গলা গাঁৱৰ ৰাস মন্দিৰ প্ৰাংগনত ইউপিপিএল দলৰ এক বিশাল মহিলা সমাৰোহ সোমবাৰে অনুষ্ঠিত হয়। সভাত উপস্থিত থাকে ইউপিপিএল দলৰ সভানেত্ৰী বিনা গয়াৰী ৷
সভাত বিনা গয়াৰীয়ে কয়, বিশ্বজিত দৈমাৰী আৰু ইমানুৱেল মোছাহাৰীয়ে বিজেপি দললে ভাল কাম কৰিবৰ বাবে গৈছে । সমান্তৰালভাৱে দৈমাৰীয়ে বিপিএফ দল পদত্যাগ কৰি অন্য দল তথা বিজেপি দলত যোগদান কৰাৰ ফলত ইউপিপিএল দলৰ কোনোধৰণৰ ক্ষতি নহয় বুলি মন্তব্য প্ৰকাশ কৰে বিনা গয়াৰীয়ে ।