অসম

assam

By

Published : Mar 13, 2020, 8:52 AM IST

ETV Bharat / state

পানীৰ অভাৱত বাক্সাৰ অন্থাইবাৰীত তামোলৰ গছত অচিন ৰোগ

অঞ্চলটোৰ কেইবা বিঘা তামোলৰ গছত দেখা দিছে অচিন ৰোগে ৷ তামোলৰ গছ বোৰৰ পাত ফাটি যোৱাৰ লগতে ৰঙা পৰি যায়। আৰু লাহে লাহে মৰি যায় ৷ চহা ৰাইজৰ মাজত হাহাকাৰ ৷

পানীৰ অভাৱত বাক্সাৰ অন্থাইবাৰীত তামোলৰ গছত অচিন ৰোগ
পানীৰ অভাৱত বাক্সাৰ অন্থাইবাৰীত তামোলৰ গছত অচিন ৰোগ

বাক্সা, 13 মাৰ্চঃবাক্সা জিলাৰ ভাৰত ভূটান সীমান্তৰ অন্ঠাইবাৰীত পানীৰ সমস্যাৰ লগতে এইবাৰ তামোলৰ গছত লাগিছে অচিন ৰোগ । জানিব পৰা মতে উক্ত অঞ্চলটোৰ লোকসকলৰ মূল উপাৰ্জনৰ আধাৰ তামোল গছ । অঞ্চলটোৰ প্ৰতিটো পৰিয়ালতে আছে প্ৰায় ৫ পৰা ১০ বিঘাকৈ তামোলৰ গছ । অঞ্চলটো ভূটান সীমান্তত হোৱা বাবে খৰালিৰ সময়ত পানীৰ সমস্যাই দেখা দিয়ে । ফলত গাওঁবাসীয়ে নৈ নিজৰাৰ পানী খাই জীৱিকা নিৰ্বাহ কৰিবলগীয়া হয় । স্থানীয় এজন খেতিয়কে জানিবলৈ দিয়া অনুসৰি অঞ্চলটোৰ কেইবা বিঘা তামোলৰ গছত দেখা দিছে অচিন ৰোগে ৷ তামোলৰ গছ বোৰৰ পাত ফাটি যোৱাৰ লগতে ৰঙা পৰি যায়। আৰু লাহে লাহে মৰি যায় ৷ বিগত বছৰটো এনেধৰণৰ ৰোগত কেইবা ডালো তামোলৰ গছ মৰি গৈছিল ৷

কেইবা বিঘা তামোলৰ গছত দেখা দিছে অচিন ৰোগে
তামোল গছৰ এনে ৰূপ দেখি খেতিয়কসকল চিন্তিত হৈ পৰিছে । স্থানীয় খেতিয়ক সকলে কৃষি বিভাগক তামোল গছৰ এই অচিন ৰোগৰ পৰা পৰিত্ৰাণ সমাধান দিবলৈ আহ্বান জনাইছে ৷
পানীৰ অভাৱত বাক্সাৰ অন্থাইবাৰীত তামোলৰ গছত অচিন ৰোগ
লগতে চাওকঃ

দেশত কৰ'ণা ভাইৰাছত প্ৰথমজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ

ABOUT THE AUTHOR

...view details