বাক্সা, ২ ডিচেম্বৰ : বাক্সাৰ বিজয় চৌধুৰী নামৰ এজন লোকৰ প্ৰচেষ্টাত ভাৰত-ভূটান সীমান্তত গঢ় লৈ উঠিছে এখন মানৱসৃষ্ট অৰণ্য ৷ বিগত সাত বছৰত তেওঁ ৰোপন কৰিছে আঢ়ৈ লক্ষাধিক গছপুলি ৷ এটা সময়ত বড়ো বিদ্ৰোহী সংগঠন বিএলটিৰ নলবাৰী জিলাৰ সাংগঠনিক সম্পাদকৰ দায়িত্ব পালন কৰা চৌধুৰীয়ে ২০০৩ চনত বিটিচি চুক্তি স্বাক্ষৰিত হোৱাৰ পাচৰে পৰা আত্মনিয়োগ কৰে বন সুৰক্ষা আৰু সংবৰ্ধনৰ কামত ৷ প্ৰকৃতিৰ প্ৰতি থকা ভালপোৱাই বিজয় চৌধুৰীক সশস্ত্ৰ সংগ্ৰামৰ পৰা টানি আনিছিল প্ৰকৃতিৰ মাজলৈ ৷
বিশেষকৈ বাক্সা জিলাৰ ভাৰত-ভূটান সীমান্তৰ দিহিৰা আৰু সূৱণখাটা সংৰক্ষিত বনাঞ্চলত চলি থকা বেদখল আৰু বন ধ্বংস কাৰ্য প্ৰতিৰোধ কৰাৰ বাবে নিজকে নিয়োজিত কৰে বিজয় চৌধুৰীয়ে ৷ মানাহ চৌচি খংখৰ 'ইকো টুৰিজিম চোছাইটি' নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ জন্ম দি চৌধুৰীয়ে সীমান্ত অঞ্চলটোত বিগত সময়ছোৱাত আঢ়ৈ লক্ষাধিক গছ পুলি ৰোপন কৰি এক সেউজ বিপ্লৱৰ সূচনা কৰিবলৈ সক্ষম হৈছে ৷ এটা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ পৰা আহি চৌধুৰীয়ে বিগত সময়ছোৱাত বন সংৰক্ষণ আৰু সংবৰ্ধনতে আত্মনিয়োগ কৰি আহিছে ৷ চৌধুৰীৰ ঐকান্তিক প্ৰচেষ্টাত ধ্বংসমুখী বনাঞ্চল দুখনে ঘূৰাই পাইছে পূৰ্বৰ গৰিমা ৷ ভোমোৰা, শিলিখা, গমাৰি, ৰাধাচূড়া, চেগুন আদি গছ ৰোপন কৰি চৌধুৰীয়ে সৃষ্টি কৰিছে সেউজ বিপ্লৱৰ ৷