বৰমা, ২১ জানুৱাৰীঃ বাক্সাৰ বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত ১ নং লোকপালাত অঘটন ৷ গাত কেৰাচিন তেল ঢালি মহিলাৰ আত্মহনন ৷ বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহনন মহিলাগৰাকীৰ ৷
বাক্সাত বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি মহিলাৰ আত্মহনন - বাক্সাত বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি মহিলাৰ আত্মহনন
বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি বাক্সাত মহিলাৰ কেৰাচিন ঢালি আত্মহনন ৷
![বাক্সাত বন্ধন বেংকৰ ঋণ পৰিশোধ কৰিব নোৱাৰি মহিলাৰ আত্মহনন Baksa women suicide cause of couldn't pay loan of Bandhan Bank](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-5788273-thumbnail-3x2-baksa.jpg)
জানিব পৰা মতে জিলাখনৰ কুশল শীল নামৰ লোকজনৰ পত্নী ৰীণা ৰাজবংশীয়ে বন্ধন বেংকৰ পৰা লাভ কৰিছিল দুটাকৈ ঋণ ৷ সেইমতে প্ৰতি মাহত ঋণ পৰিশোধ কৰিব লাগে প্ৰায় তিনি হাজাৰ পাঁচশ টকা ৷ কিন্তু দিন হাজিৰা কৰি জীৱন নিবাৰ্হ কৰা ৰীণা ৰাজবংশীয়ে পৰিশোধ কৰিব পৰা নাছিল কিস্তিৰ ধন ৷ ইফালে বেংক কৰ্তৃপক্ষৰ পৰা পাই আহিছিল ঋণ পৰিশোধৰ তাগিদা ৷ যাৰ পৰিপ্ৰেক্ষিতত হতাশ হৈ পৰিছিল দুই সন্তানৰ মাতৃগৰাকী ৷ ফলস্বৰূপে মঙলবাৰে ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি গাত কেৰাচিন তেল ঢালি আত্মহনন কৰে ৷
ঘটনা সন্দৰ্ভত ওচৰ চুবুৰীয়াই গম পাই মহিলাগৰাকীক উদ্ধাৰ কৰে যদিও ইতিমধ্যে শৰীৰৰ প্ৰায় আশী শতাংশ অগ্নিদগ্ধ হয় ৷ পিচত ৰাইজে অগ্নিদগ্ধ মহিলাগৰাকীক ততাতৈয়াকৈ চিকিৎসাৰ বাবে প্ৰেৰণ কৰে নলবাৰী অসামৰিক চিকিৎসালয়লৈ৷ পিছত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷