অসম

assam

ETV Bharat / state

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শ্মশানঘাটত বন্যহস্তীৰ উপদ্ৰৱ - বন্যহস্তী

বন্যহস্তীৰ ত্ৰাসত ত্ৰস্তমান বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শ্মশানঘাটবাসী। বনৰীয়া হাতীৰ জাকে লণ্ডভণ্ড কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ।

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শ্মশানঘাটত বন্যহস্তীৰ উপদ্ৰৱ
বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শ্মশানঘাটত বন্যহস্তীৰ উপদ্ৰৱ

By

Published : Oct 9, 2020, 10:38 AM IST

বাক্সা, ৯ অক্টোবৰ: বাক্সাৰ তামুলপুৰৰ দৰঙানদীৰ শ্মশানঘাটত বন্যহস্তীৰ ত্ৰাস। খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলায় বনৰীয়া হাতীৰ জাকে। বৃহস্পতিবাৰে নিশা প্ৰায় শতাধিক হাতীৰ এটা বৃহৎ জাকে দৰঙামেলাৰ দৰঙানদীৰ শ্মশানঘাটৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে। শ্মশানঘাটৰ বাসিন্দা চেত্ৰী হাছদা, ৰাজেন মুৰ্মু, নাৰায়ণ মুৰ্মুক, ফগী কিস্কু, বাবুৰাম টডুৰ ঘৰ ভাঙি পেলোৱাৰ লগতে বাৰীৰ তামোল গছো নষ্ট কৰে। হঠাতে হাতীৰ জাকটোৱে কৰা আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে পৰিয়ালকেইটা।

বাক্সাৰ ভাৰত-ভূটান সীমান্তৰ শ্মশানঘাটত বন্যহস্তীৰ উপদ্ৰৱ

দিন হাজিৰা কৰি জীৱিকা নিৰ্বাহ কৰা পৰিয়ালকেইটাই হাতীৰ উপদ্ৰৱত সৰ্বস্বান্ত হোৱাৰ পিছত এতিয়া দিক-বিদিক হেৰুৱাইছে। শীঘ্ৰে বন্যহস্তীৰ জাকটো জনাঞ্চলৰ পৰা খেদিবলৈ বন বিভাগক আহ্বান জনাইছে দুৰ্ভগীয়া পৰিয়ালকেইটাই।


লগতে পঢ়ক:শচীন পাইলটৰ প্ৰেছ উপদেষ্টাৰ বিৰুদ্ধে ৰাজস্থান আৰক্ষীৰ গোচৰ

ABOUT THE AUTHOR

...view details